সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অন্নদাতাৰেই অন্নৰ অভাৱ ভাৰতত

প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিশ্ৰুতি আৰু বালিত পানী ঢলা একে কথা৷কৃষিখণ্ডৰ লগত জড়িত প্ৰায় ৩০ জন লোকে দৈনিক আত্মহত্যাৰ পথ বাচি লয় ভাৰতত ৷

কথা দিছিল উপাৰ্জন দুগুণ কৰাৰ,কিন্তু উপাৰ্জনহীন হৈ দেশত আত্মহত্যা প্ৰতি দিনে ৩০ জন কৃষক তথা কৃষিখণ্ডৰ শ্ৰমিকৰ | ২০২০ বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষকৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু ২০২১ চনত প্ৰতি দিনেই আত্মঘাতী হৈছে অতি কমেও ৩০ জন কৃষক তথা কৃষিখণ্ডৰ শ্ৰমিক ৷ এয়া আমাৰ তথ্য নহয়,এই তথ্য চৰকাৰীভাৱে প্ৰকাশ পাইছে৷গৃহমন্ত্ৰী অমিত শ্বাহৰ অধীনৰ ‘নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ অপৰাধৰ বাৰ্ষিক পৰিসংখ্যাত এই তথ্য প্ৰকাশ পাইছে ৷ কৃষকৰ এই আত্মহত্যাৰ পৰিমাণ সমগ্ৰ দেশৰ মুঠ আত্মহত্যাৰ পৰিমাণতকৈ ৭% বেছি ৷ এই ৰিপৰ্টত প্ৰকাশ পাইছে যে ২০২১ চনত সমগ্ৰ দেশত ১০,৮৮১ জন কৃষক তথা কৃষিখণ্ডত নিয়োজিত শ্ৰমিকে আত্মহত্যা কৰিছে ৷ অৰ্থাৎ কৃষিক্ষেত্ৰৰ লগত জড়িত লোকৰ মাজৰ প্ৰায় ৩০ জনেই প্ৰতিদিনে আত্মহত্যা কৰি আহিছে ৷ মুঠ আত্মহত্যা কৰা কৃষকৰ সংখ্যা ২০২১ বৰ্ষত ৫,৩১৮ জন৷আনহাতে কৃষিকাৰ্যত জড়িত শ্ৰমিকৰ আত্মহত্যাৰ সংখ্যা ২০২১ বৰ্ষত মুঠ ৫,৫৬৩ জন ৷ কৃষকৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ কাৰণ হ’ল ঋণৰ বোজা,উৎপাদনৰ অনিশ্চয়তা,মানসিক দুঃশ্চিন্তা ৷ বিৰোধী দলৰ অভিযোগ, ক’ভিডৰ পৰবৰ্তী সময়ত প্ৰধানমন্ত্ৰী মোডীৰ ভুল নীতিৰ বাবে কৃষিকৰ্মৰ লগত জড়িত লোকসকল ঘাইকৈ সমস্যাৰ সন্মুখীন হৈছে যাৰ ফলত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পাইছে ৷

- Donation -

Leave A Reply

Your email address will not be published.