সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেশত কিহৰ বাবে হ’ব পাৰে বিদ্যুৎ সংকট? কয়লাই কেনেদৰে বিদ্যুৎ উৎপাদন কৰে?

 প্ৰায় ২টা বছৰ বিশ্বত ক’ভিডে সন্ত্ৰাস সৃষ্টি কৰাৰ পিছত এতিয়া বিশ্বব্যাপী নাটনি হৈছে কয়লাৰ। আনকি বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক কয়লা উৎপাদনকাৰী দেশ ভাৰততো কয়লাৰ তীব্ৰ সংকটে দেখা দিছে। দেশৰ কেইবাটাও শক্তি প্ৰকল্পত মাত্ৰ ৩ৰ পৰা ৫ দিনৰ বাবেহে কয়লা মজুত আছে। এই ভয়াবহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংকট গভীৰ হ’ব পাৰে বুলি আশংকা কৰা হৈছে। ৰাজস্থান, তামিলনাডু, ঝাৰখণ্ড, বিহাৰ, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যসমূহে কয়লা সংকটৰ বাবে বিদ্যুৎ উৎপাদন হ্ৰাস হোৱা বুলি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অভিযোগ দাখিল কৰিছে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে কয়লাৰ অভাৱ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছিল যদিও আজি এই সমস্যা সম্পৰ্কে আলোচনাৰ বাবে শক্তিমন্ত্ৰী আৰু কয়লা মন্ত্ৰীৰে বিশেষ বৈঠকত মিলিত হব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰই কৈছে যে কয়লাৰ অভাৱ আছে কিন্তু ইয়াক ক্ৰমান্বয়ে আঁতৰ কৰা হ’ব। বিদ্যুৎ যোগানৰ ওপৰত কয়লাৰ অভাৱে প্ৰভাৱ পেলাব বুলি কৰা আশংকা সম্পূৰ্ণ ভুল। দৰাচলতে সমগ্ৰ দেশৰ কয়লা শক্তি প্ৰকল্পত কয়লাৰ অভাৱ হোৱাৰ খবৰ পোৱা গৈছে। দেশত উৎপাদিত বিদ্যুতৰ ৭০ শতাংশ তাপ বিদ্যুৎ প্ৰকল্পৰ পৰা আহে। মুঠ শক্তি প্ৰকল্পৰ ভিতৰত ১৩৭ টা শক্তি প্ৰকল্প কয়লাত চলে। যাৰ ভিতৰত ৭২ টা শক্তি প্ৰকল্পত ৭ অক্টোবৰলৈকে মাত্ৰ ৩ দিনৰ বাবেহে কয়লা বাকী আছিল। ৫০ টা প্ৰকল্পত ৪ দিনতকৈ কম কয়লা মজুত আছে।

 

কয়লাৰ সহায়ত কেনেকৈ বিদ্যুৎ উৎপাদন কৰা হয়?

- Donation -

বিদ্যুৎ উৎপাদনৰ বাবে প্ৰথমতে খনিৰ পৰা অহা কয়লাৰ সৰু টুকুৰাবোৰ মিহিকৈ কটা হয় আৰু গুৰি কৰা হয়। এই কয়লাখিনি বয়লাৰত পানী গৰম কৰিবলৈ ব্যৱহাৰ কৰা হয়। পানী গৰম কৰাৰ পিছত উচ্চ চাপৰ বাষ্পলৈ পৰিৱৰ্তিত হয়। যাক টাৰ্বাইন ঘূৰাবলৈ ব্যৱহাৰ কৰা হয়।এই টাৰ্বাইনবোৰ পানীৰ টাৰ্বাইনৰ দৰে একে। একমাত্ৰ পাৰ্থক্যটো হ’ল যে এই টাৰ্বাইনবোৰ ঘূৰাবলৈ বাষ্প ব্যৱহাৰ কৰা হয়। এই টাৰ্বাইনবোৰ জেনেৰেটৰৰ সৈতে সংযোজিত। টাৰ্বাইনৰ ঘূৰ্ণনে জেনেৰেটৰত চুম্বকীয় ক্ষেত্ৰ প্ৰস্তুত কৰে আৰু ই বিদ্যুৎ উৎপাদন কৰে।

 

কিন্তু পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ কয়লা উৎপাদক দেশ হোৱা স্বত্বেও ভাৰতে কিয় আমদানি কৰিব লগা হয় কয়লা?

কয়লা উৎপাদনৰ ক্ষেত্ৰত ভাৰত হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম উৎপাদক দেশ। গ্লোবেল এনাৰ্জি ষ্টেটিষ্টিকেল ইয়েৰবুক ২০২১ অনুসৰি চীন কয়লা উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে। প্ৰতি বছৰে চীনে ৩৭৪৩ নিযুত টন কয়লা উৎপাদন কৰে। প্ৰতি বছৰে ৭৭৯ নিযুত টন কয়লা উৎপাদনেৰে ভাৰত দ্বিতীয় স্থানত আছে। তথাপিও ভাৰতে ইয়াৰ ২০ৰ পৰা ২৫ শতাংশ কয়লা আন দেশৰ পৰা আমদানি কৰিব লাগে।দৰাচলতে কয়লা আমদানিৰ পোনপটীয়া সম্পৰ্ক কয়লাৰ মানদণ্ডৰ সৈতে। ভাৰতত উৎপাদিত কয়লাৰ মূল্য কম। এক কিলো কয়লা জ্বলাই উৎপন্ন হোৱা শক্তিৰ পৰিমাণ হৈছে কেলৰিফিক ভেল্যু। কেলৰিফিক ভেল্যু যিমানে বেছি হয় কয়লাৰ মানদণ্ড সিমানেই ভাল হয়।

 

কয়লাৰ অভাৱৰ কাৰণ কি?

কৰোনাৰ ভয়ংকৰ দ্বিতীয় ঢৌৰ পিছত দেশখন এতিয়া পুনৰ সাধাৰণ পথলৈ উভতি আহিছে। ঔদ্যোগিক কাৰ্যকলাপ আগৰ দৰেই আৰম্ভ হৈছে যাৰ ফলত বিদ্যুতৰ চাহিদা বৃদ্ধি হৈছে।আন্তৰ্জাতিক বজাৰত কয়লা অভাৱৰ বাবে মূল্য যথেষ্ট বৃদ্ধি পাইছে। কয়লা ব্যয়বহুল হোৱাৰ লগে লগে শক্তি প্ৰকল্পবোৰে আমদানি কৰা বন্ধ কৰিছে আৰু সম্পূৰ্ণৰূপে কোল ইণ্ডিয়াৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। দেশত কয়লা উৎপাদনৰ ৮০% অংশীদাৰীত্ব লাভ কৰা কোল ইণ্ডিয়াই কয় যে বিশ্বব্যাপী কয়লাৰ মূল্য বৃদ্ধিৰ বাবে আমি ঘৰুৱা কয়লা উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। চাহিদা আৰু যোগানৰ মাজৰ পাৰ্থক্যৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাৰতত কয়লাৰ অভাৱৰ সৈতে বাৰিষাৰো সম্পৰ্ক আছে। দৰাচলতে বাৰিষা পলমকৈ অহাৰ বাবে মুকলি খনিবোৰ এতিয়াও পানীৰে ভৰি আছে। যাৰ বাবে এই খনিবোৰৰ পৰা কয়লা উৎপাদন কৰিব পৰা নাই।

 

এই সংকটৰ ওপৰত চৰকাৰে কি কৰিব বিচাৰে?

কয়লা মন্ত্ৰালয়ে দেওবাৰে কৈছে যে প্ৰকল্পসমূহলৈ যোগানৰ বাবে পৰ্যাপ্ত কয়লাৰ মজুত আছে। প্ৰকল্পবোৰত বৰ্তমান ৭২ লাখ টন কয়লা আছে যিখিনি ৪ দিনৰ বাবে পৰ্যাপ্ত। ষ্টক হোল্ডিং ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কোল ইণ্ডিয়াৰ হাতত থকা ৪০০ লাখ টনতকৈও অধিক কয়লাও বিদ্যুৎ প্ৰকল্প সমূহক যোগান ধৰা হ’ব। দিল্লীত বিদ্যুতৰ অভাৱৰ খবৰ সন্দৰ্ভত শক্তি মন্ত্ৰী আৰ কে সিঙে কয় যে দিল্লীত কোনো বিদ্যুৎ সংকট নাই। আমাৰ ওচৰত কয়লাৰ ষ্টক আছে। সংকটটো অপ্ৰয়োজনীয়ভাৱে প্ৰচাৰ কৰা হৈছে। মন্ত্ৰী আৰ কে সিঙে লগতে কয় যে ৯ অক্টোবৰত সকলো কয়লা খনিৰ পৰা ১.৯২ নিযুত টন কয়লা প্ৰকল্পলৈ প্ৰেৰণ কৰা হৈছিল আৰু মাত্ৰ ১.৮৭ নিযুত টন ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ অৰ্থ হৈছে যে কয়লা উৎপাদন ব্যৱহাৰতকৈ বেছি। এনেদৰেই এতিয়া দেশৰ কয়লা সংকট প্ৰতিৰোধ কৰাৰ বাবে সষ্টম হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। অৱশ্যে কেন্দ্ৰই যদি সময়োপযোগী সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে তেন্তে ভাৰতৰ দৰে কয়লাৰ বৃহৎ চাহিদাৰ দেশ এখনত কয়লাৰ নাটনিয়ে যে বিৰূপ প্ৰভাৱ পেলাব সেয়া নিশ্চিত।

Leave A Reply

Your email address will not be published.