কিমান ধনী তিৰুপতি মন্দিৰ?

ধনে-সোণে জয়জয়ময়ময় তিৰুপতি ।আপুনি কল্পনা কৰিব নোৱাৰা ধন-সোণৰ গৰাকী এই মন্দিৰ। ১০ টনতকৈ বেছি সোণ আছে মন্দিৰটোত।প্ৰায় ১৬ হাজাৰ কোটি নগদ ধন আছে তিৰুপতিত। তিৰুমালা তিৰুপতি দেৱস্থানম সমিতিয়ে মন্দিৰৰ সম্পত্তি সম্পৰ্কত শনিবাৰে শ্বেতপত্ৰ প্ৰকাশ কৰিছে।এই শ্বেতপত্ৰত তিৰুমালা তিৰুপতি দেৱস্থানমে ইয়াৰ ফিক্স ডিপজিট আৰু জমা হৈ থকা সোণৰ তথ্যও প্ৰকাশ কৰিছে।তিৰুমালা তিৰুপতি দেৱস্থানমে প্ৰকাশ কৰা তথ্য অনুসৰি মন্দিৰটোত ১০.৩টন সোণ জমা আছে আৰু সেয়া এটা ৰাষ্ট্ৰীয়কৃত বেংকত জমা কৰা আছে। এই সোণখিনিৰ মূল্য প্ৰায় ৫,৩০০ কোটি হ’ব৷তদুপৰি এই সমিতিৰ নগদ ধন জমা আছে ১৫,৯৩৮ কোটি।সমিতিয়ে জনোৱা তথ্য অনুসৰি মন্দিৰটোৰ ২.২৬ লাখ কোটি টকাৰ সম্পত্তি আছে।২০১৯ চনত মন্দিৰটোৰ বিভিন্ন বেংকত থকা ফিক্স ডিপজিটৰ পৰিমাণ আছিল ১৩,০২৫ কোটি আৰু বৰ্তমান এই ধন বৃদ্ধি পাই হৈছেগৈ ১৫,৯৩৮ কোটি৷বিগত ৩ বছৰত মন্দিৰটোৰ বিনিয়োগ ২,৯০০ কোটি বৃদ্ধি পাইছে।২০১৯ চনত ৭৩৩৯.৭৪ টন সোণ জমা আছিল বেংকত৷বিগত তিনি বছৰত এই সোণৰ পৰিমাণৰ লগত আৰু ২.৯ টন সোণৰ সংযোজন হৈছে।তদুপৰি ভাৰতৰ বিভিন্ন প্ৰান্তত মুঠ ৭,১২৩ একৰ ভূমিৰ ওপৰত ৯৬০ টা স্থাৱৰ সম্পত্তি আছে।মন্দিৰটোৰ উপাৰ্জনৰ মূল উৎস হ’ল ইয়াৰ ভক্ত,ব্যৱসায়ী আৰু বিভিন্ন প্ৰতিষ্ঠান।তিৰুমালা তিৰুপতি দেৱস্থানম ন্যাসে মন্দিৰটোৰ সকলো দিশ চোৱাচিতা কৰে ।এই ন্যাসে মন্দিৰ পৰিচালনা কৰাৰ লগতে সামাজিক,ধৰ্মীয়,সাহিত্য আৰু শৈক্ষিক কাৰ্যসূচীৰ লগতো জড়িত৷ইয়াৰ মুখ্য কাৰ্যালয় আছে তিৰুপতিত আৰু ন্যাসৰ অধীনত মুঠ ১৬ হাজাৰ কৰ্মচাৰী আছে।১৯৩২ চনতে এই ন্যাস গঠন হৈছিল।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296