ৰাম নাম ‘অসত্য’ হ্যে !

Share This Article

ৰামৰ নামেই ২৪ ‘ ৰ মূল অস্ত্ৰ বিজেপিৰ । ৰামতেই আৰম্ভ কৰি ৰামতেই শেষ কৰিব নিৰ্বাচনী প্ৰচাৰ।
ৰামৰ নামেই সাৰ হ’ব প্ৰধানমন্ত্ৰী মোডীৰ। ৰামৰ নামৰ লগত সাঙোৰ খাইছে অসত্য কথা। হয়,ৰাম নাম সত্য হয় বুলি দি অহা ধ্বনি যেন মোডী চৰকাৰৰ দিনতে ‘অসত্য’ হ’বলৈ গৈ আছে। বিশ্ব হিন্দু পৰিষদে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ দাবী কৰি আহিছিল আশীৰ দশকৰ পৰাই। কিন্তু বিষয়টোৱে ৰাজনীতিৰ পৰা দূৰত অৱস্থান কৰাৰ বাবেই হয়তো গুৰুত্ব লাভ কৰা নাছিল। হিন্দু মহাসভাই ৰাম জনমভূমিৰ বিষয়টো লৈ আদালতত কাষ চপাৰ পিছত বিজেপি নেতা লাল কৃষ্ণ আদৱানিকে প্ৰমুখ্য কৰি কেইজনমান নেতাই হিন্দু মহাসভাৰ নেতাক সাক্ষাৎ কৰি বিষয়টো ৰাজনৈতিক ইছ্যু কৰাৰ প্ৰস্তাৱ দিছিল। তাৰপিছতেই লালকৃষ্ণ আদৱানিৰ নেতৃত্বতেই আৰম্ভ কৰিছিল ৰথযাত্ৰা৷নব্বৈৰ দশকৰ আৰম্ভণিতে আৰম্ভ কৰা ৰথযাত্ৰাই বিজেপিৰ ৰাজনৈতিক উত্থানত শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰৰ দৰে কাম কৰিছিল। ৰাম জনমভূমিৰ নাম লৈয়ে ক্ষমতালৈ অহা বিজেপিয়ে এইবাৰো অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ নামত ৰাজনীতি কৰিব। ২০২০ চনৰ নবেম্বৰত ৰাম মন্দিৰৰ ভূমিপূজন কৰিছিল প্ৰধানমন্ত্ৰীয়ে। ২০২৩ চনত এই মন্দিৰৰ কাম সম্পূৰ্ণ হ’ব৷আনহাতে ২০২৪ চনৰ মাৰ্চ -এপ্ৰিল মাহত অনুষ্ঠিত হ’ব দেশৰ লোকসভাৰ নিৰ্বাচন।
গতিকে দেশত বৰ্তমান চলি থকা মুদ্ৰাস্ফীতি,মূল্যবৃদ্ধি,নিবনুৱা সমস্যা,ৰাজহুৱা সম্পদ ব্যক্তিগতকৰণ আদি কোনো বিষয়েই যে ৰাম মন্দিৰৰ সম্পূৰ্ণ নিৰ্মাণৰ আগত গুৰুত্ব নাপায় ,সেইটো নিশ্চিত। ধৰ্মৰ নামত ৰাজনীতি কৰা বিজেপি এটা কথাত নিশ্চিত যে ধৰ্মৰ নামত কানি খোৱা ভাৰতীয়ই ধৰ্মতকৈ আন কোনো বিষয়কেই গুৰত্ব নিদিয়ে ।ৰামৰ প্ৰতি ভক্তিতকৈ ৰামক লৈ ৰাজনীতিহে চলিছে বেছি৷ৰাম নাম সত্য বুলি ভাৰতভূমিত ধ্বনিত হৈ অহা শ্লোগানটোত যেন ৰাম নামৰ অন্তৰালত লুকাই থকা গভীৰ ৰহস্যৰহে প্ৰতিফলন ঘটিছে ভাৰতত ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.