ন্যায়াধীশ হিচাপে বিতৰ্কিত নেকি ন্যায়াধীশ চন্দ্ৰচূড়?

Share This Article

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ৮ নবেম্বৰত দেশৰ ৫০ তম মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব। ন্যায়াধীশ চন্দ্ৰচূড়ৰ নামটো প্ৰস্তাৱ কৰে বৰ্তমানৰ ন্যায়াধীশ উদয় উমেশ ললিতে । বিগত ১১অক্টোবৰত নতুনকৈ নিযুক্তি পাবলগীয়া ন্যায়াধীশ গৰাকীৰ নাম প্ৰস্তাৱ কৰে বিদায়ী মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে। মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ চন্দ্ৰচূড়ে সম্পূৰ্ণ ২ টা বছৰৰ কাৰ্যকাল সম্পাদন কৰিব পাৰিব৷বিদায়ী ন্যায়াধীশ উদয় উমেশ ললিতে মুখ্য ন্যায়াধীশ হিচাপে মাত্ৰ ৭৪ দিনহে কাৰ্যভাৰ সম্পাদন কৰাৰ সুবিধা লাভ কৰিলে। ন্যায়াধীশ হিচাপে চন্দ্ৰচূড়ে ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় আগবঢ়াইছে। অযোধ্যাৰ নাম বিতৰ্ক,সমকামিতাক অপৰাধমুক্ত কৰা,সবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশ,বিবাহিত মহিলাৰ আন পুৰুষৰ লগত সম্পৰ্ক আদি বিষয়ত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে ডি ৱাই চন্দ্ৰচূড়ে। ডি ৱাই চন্দ্ৰচূড় হাৰ্ভাড ল’ স্কুলৰ ডক্তৰেট। তেওঁ ছেইণ্ট ষ্টিফেন কলেজৰ পৰা অৰ্থনীতিত স্নাতক। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ এলএলবি ডিগ্ৰী গ্ৰহণ কৰিছে। তেওঁ বম্বে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট। ১৯৯৮ চনত তেওঁ বম্বে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হৈছিল।২০১৩ চনৰ ৩১অক্টোবৰৰ পৰা তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ নেতৃত্বতেই কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় দান হৈছিল।অযোধ্যা গোচৰ,সবৰীমালা গোচৰ,বহুগামীতা,ব্যক্তিগত গোপনীয়তা ৰক্ষা সম্পৰ্কত তেওঁৰ নেতৃত্বতেই হৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়দান। তেওঁ ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ ধাৰাক অপৰাধমুক্ত কৰিছিল।তদুপৰি ,উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে লাইভ ষ্ট্ৰীমিঙৰ সিন্ধান্ত গ্ৰহণ কৰিছিল তেওঁৰ নেতৃত্বতে লকডাউনৰ সময়ত তেওঁ অনলাইন শুনানি গ্ৰহণৰ বাবে সকলো ব্যৱস্থা সুন্দৰকৈ সম্পাদন কৰিছিল।মুখ্য ন্যায়াধীশ হিচাপে তেওঁ ২০২৪ চনৰ ১০ নবেম্বৰলৈকে কাৰ্যভাৰ সম্পাদন কৰিব।এই সময়চোৱাত তেওঁ সংবিধানৰ ৩৭০ অনুচ্ছেদ অনুসৰি জম্মু -কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান,নাগৰিকত্ব সংশোধনী আইন,উপাসনাৰ স্থান সম্পৰ্কীয় আইন আদিৰ সম্পৰ্কত বহুবোৰ গুৰুত্বপূৰ্ণ বিচাৰৰ ৰায় প্ৰদান কৰিব লাগিব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.