নগা শান্তি চুক্তিত স্থবিৰতা কিয়?

Share This Article

নাগালেণ্ডৰ নেশ্যনেল চ’ছিয়েলিষ্ট কাউঞ্চিল অব নাগালেণ্ডৰ ইছাক-মুইভা গোটে ১৯৯৭ চনতে কেন্দ্ৰীয় চৰকাৰৰ লগত শান্তি আলোচনা প্ৰক্ৰিয়াত অংশ লৈছিল।কিন্তু ২৫ বছৰ পাৰ হোৱাৰ পিছতো আলোচনা প্ৰক্ৰিয়াটো গেঠেলা মাৰি আছে। প্ৰথম অৱস্থাত এই আলোচনাৰ জৰিয়তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে শান্তি ঘূৰি আহিব বুলি ভৱা হৈছিল যদিও প্ৰকৃতাৰ্থত সেয়া সম্ভৱ হৈ নুঠিল। প্ৰক্ৰিয়াটো দীঘলীয়া হোৱাৰ বাবে এই প্ৰক্ৰিয়া বন্ধ কৰিব খুজিছে সংগঠনটোৰ তৰফৰ পৰা। বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতো ইতিমধ্যে ৭ টা বছৰ পাৰ হ’ল।কেতিয়াবা যদি পৃথক পতাকাৰ বিষয়টো উত্থাপন হয় কেতিয়াবা আকৌ আহে পৃথক সংবিধানৰ বিষয়টো উত্থাপন আলোচনা প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰিছে৷ আনহাতে,এনএছচিএন (আইএম) এ পৃথক নাগালিম গঠনৰ দাবী তুলি আহিছে৷নাগালিম মানে বৃহত্তৰ নাগালেণ্ড৷এই নাগালিমত নগা বসতিপ্ৰধান অসম ,মণিপুৰ,অৰুণাচল প্ৰদেশৰ অঞ্চলবোৰ সাঙুৰি লোৱাৰ দাবী তুলিছে সংগঠনটোৱে৷ইফালে সংগঠনটোৰ লগত নাগালিম সম্পৰ্কে কোনো চুক্তি কৰাৰ আগতে অসম,মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ লগত সাৰ্বভৌমত্ব সম্পৰ্কত আলোচনাত বহাটো বিচাৰিছে ৰাজ্য কেইখনে৷২০১৯ চনৰ অক্টোবৰ আলোচনাৰ বাবে চূড়ান্ত সময়সীমা হিচাপে নিৰ্ধাৰণ কৰিছিল সংগঠনটোৱে।শেহতীয়াকৈ এনএছচিএন (আইএম) আৰু আন নগা সংগঠনসমূহে নগা নেশ্যনেল পলিটিকেল গ্ৰুপৰ বেনাৰত এক যুটীয়া বিবৃতি প্ৰেৰণ কৰিছে। সকলোবোৰ অবিশ্বাস আৰু শংকা আঁতৰাই আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ চিন্তা কৰিছে নেশ্যনেল পলিটিকেল গ্ৰুপে।উল্লেখযোগ্য যে দেশে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা নাগালেণ্ডে নিজস্বভাৱে স্বাধীনতা দাবী কৰি আহিছে।ৰাজ্যখনত শান্তি স্থাপনৰ বাবে ইতিমধ্যে তিনিখন চুক্তি সম্পাদন হৈছে৷১৯৪৯,১৯৬০,১৯৭৫ চনত ক্ৰমে ৩খন চুক্তি স্বাক্ষৰ হৈছিল।কিন্তু শেষৰ খন চুক্তি ১৯৭৫ চনত স্বাক্ষৰ হোৱাৰ পিছত ১৯৮০চনত ৰাজ্যখনত নেশ্যনেল ছ’চিয়েলিষ্ট কাউঞ্চিল অব নাগালেণ্ড নামৰ এক উগ্ৰপন্থী সংগঠনৰ জন্ম হয়৷এই সংগঠনটোৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতেই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।১৯৯৭ চনত NSCN (IM) গোটটো শান্তি প্ৰক্ৰিয়াত অংশ ল’বলৈ আহে৷২০০৭ চনত খাপলাং গোটটোৱেও শান্তি প্ৰক্ৰিয়াত অংশ লয়।নাগালেণ্ডে ১৯৬৩ চনত ৰাজ্যৰ মৰ্যাদা লাভ কৰে৷১৯৬৪ চনত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.