বিজেপিৰ বিধায়কৰ বিধায়ক পদ খাৰিজ

সংঘৰ্ষত উচতনি দিয়াৰ অপৰাধত বিধায়ক পদ খাৰিজ এগৰাকী বিধায়কৰ । কোন এইগৰাকী বিধায়ক? উত্তৰ প্ৰদেশৰ বিধায়ক জনৰ নাম বিক্ৰম ছৈনী। মুজাফৰনগৰ জিলাৰ কৱাল গাঁৱত গৌৰৱ আৰু শচীনৰ হত্যাৰ পিছত ২০১৩ চনৰ ২৭ আগষ্টত আৰক্ষীয়ে বিজেপিৰ বিধায়ক বিক্ৰম ছৈনীকে ধৰি মুঠ ২৮ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। তথ্য অনুসৰি ২৮ জনৰ ভিতৰত ১২ জনক দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল। এই ১২জনৰ ভিতৰত বিধায়ক বিক্ৰম ছৈনীও আছিল। বিধায়ক বিক্ৰম ছৈনীয়ে অৱশ্যে এতিয়ালৈকে তেওঁৰ বিধায়ক পদ খাৰিজ হোৱা সম্পৰ্কত কোনো তথ্য পোৱা নাই বুলি জনাইছে। তেওঁ লগতে কয় কেৱল সংবাদমাধ্যম আৰু হোৱাটচএপতহে তেওঁ এই খবৰ লাভ কৰিছে। “আইনৰ উৰ্ধত কোনো নহয়। মই আৰু আজম খান একেই কাৰণ আমি দুয়োজনেই বিধায়ক। যদি ন্যায়ালয়ে এই ৰায় দিছে মই নতশিৰে মানি ল’ম। এটা সংঘৰ্ষ হৈছিল য’ত গৌৰৱ আৰু শচীনৰ মৃত্যু হৈছিল। আমি আমাৰ ভাতৃ-ভগ্নীৰ কাৰণে যুঁজিছিলোঁ”-এনেদৰে মন্তব্য কৰে বিধায়ক ছৈনীয়ে। বিধায়ক ছৈনীয়ে কয় যে আৰক্ষীয়ে এক ভুৱা গোচৰ ৰুজু কৰিছিল। ইতিমধ্যে তেওঁক দুবছৰ কাৰাদণ্ড বিহিছে। “শাস্তিক লৈ মোৰ কোনো দুখ নাই৷মই যুঁজি যাম। দলৰ সদস্য হিচাপে মই কাম কৰি যাম। মোৰ বিধায়ক পদ খাৰিজ হ’ব পাৰে কিন্তু দলীয় সদস্য পদ থাকিবই৷মই দেশৰ কাৰণে কাম কৰি যাম৷মই হিন্দুৰ কাৰণে কাম কৰি যাম। আইনৰ উৰ্ধত কোনো নহয়। সতীশ মহানায়ো আইন অনুসৰি দায়িত্ব পালন কৰিব। কাৰণ তেওঁ আমাৰ অধ্যক্ষ”-এনেদৰে কয় বিধায়ক ছৈনীয়ে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296