‘এক হওক নগা !’

Share This Article

নগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে নগা সমস্যা সমাধানৰ বাবে সকলো নগাকে একেলগ হ’বলৈ আহ্বান জনাইছে।সোমাবাৰে এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নগা লোক সকললৈ এই আহ্বান জনায়।বৰ্তমান ইউনাইটেড ডেম’ক্ৰেটিক এলায়েন্সৰ অধ্যক্ষৰ পদতো থকা জেলিয়াঙে সংবাদমেলত কয় “ বৰ্তমান আমি সকলো নগা সংগঠন আৰু নগালেণ্ডৰ ৬০ গৰাকী বিধায়ক নগা সমস্যাৰ সমাধানৰ বাবে ঐক্যবদ্ধ হৈছোঁ৷তেন্তে আমি দুয়োটা সংগঠনকে ঐক্যমতত উপনীত কৰাৰ বাবে লগ হোৱাত আপত্তি কিয়?নিজৰ ক্ষুদ্ৰ উদ্দেশ্য পৰিহাৰ কৰি বৃহৎ স্বাৰ্থত আমি সকলো ঐক্যবদ্ধ হোৱাৰ সময় এয়া।”ভাৰত চৰকাৰ আৰু এনএছচিএন(আই এম)ৰ মাজৰ আলোচনা সঠিক দিশত আগবঢ়া বুলি উল্লেখ কৰি কয় “ আমি খুব সোনকালেই এই সমস্যাৰ সমাধান হোৱাটো বিচাৰিছোঁ।সেয়ে ভাৰত চৰকাৰে ইয়াৰ এখন খচৰা আমাৰ সকলোলৈকে পঠিওৱা উচিত যাতে আমি সকলোৱে আৰু সংশ্লিষ্ট আন সকলেও খুব সোনকালেই এক গ্ৰহণযোগ্য সমাধান সূত্ৰত উপনীত হ’ব পাৰোঁ।”

“এনেদৰে সমাধান বিচাৰিলেহে আমি আমাৰ চুক্তিখন চূড়ান্ত কৰিব পাৰিম।আমি প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰে বিষয়টোত স্থবিৰতা আহিবলৈ দিব নালাগিব”- পুনৰ এনেদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।বিগত দশকবোৰত কোনো এগৰাকী প্ৰধানমন্ত্ৰী অথবা গৃহমন্ত্ৰীয়েই এই সমস্যাটোৰ সমাধানৰ বাবে আগবাঢ়ি অহা নাই।সেয়ে এইবাৰেই এইটো উত্তম সুযোগ বুলিও দোহাৰে জেলিয়াঙে।“ এইবাৰ যদি আমি এই সুবিধা হেৰুৱাওঁ,তেন্তে মোৰ সন্দেহ আমি আৰু এনে সুযোগ নাপাম শীঘ্ৰেই”- জেলিয়াঙে কয়। উল্লেখযোগ্য যে ভাৰত চৰকাৰে এনএছচিএন(আইএম) আৰু বিভিন্ন নগা নেশ্যনেল আৰু ৰাজনৈতিক গোটৰ লগত নগা সমস্যা সম্পৰ্কত আলোচনা চলাই আছে।১৯৯৭ চনতে এনএছচিএন (আই এম)ৰ লগত কেন্দ্ৰীয় চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল। ২০১৫ চনৰ ৩ আগষ্টত এই চুক্তিৰ ফ্ৰেমৱৰ্কৰ কাম আৰম্ভ হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.