ম’ৰবী কাণ্ডৰ সময়ত কিহত ব্যস্ত আছিল স্বাস্থ্য মন্ত্ৰী?

Share This Article

এফালে ম’ৰবীত কান্দোনৰ ৰোল,আনফালে দেওবাৰে একে সময়তে গুজৰাটৰ স্বাস্থ্যমন্ত্ৰীৰ ঘৰত চলিছিল জন্মদিনৰ পাৰ্টি।গুজৰাট ট্ৰেজেডীয়ে কঁপাইছে বিশ্ব। একেলগে ডেৰ শতাধিক লোকৰ মৃত্যুৰ ঘটনাত হতচকিত সকলো।কিন্তু তাৰ মাজতেই চলিছে ৰাজনৈতিক দলৰ সমৰ্থকৰ টুইটাৰ যুঁজ। আপ আৰু বিজেপি দুয়ো দলৰ সমৰ্থকৰ মাজত বোকা ছটিওৱাৰ খেল ।কোনে কাক কেনেকৈ আক্ৰমণ কৰি ৰাজনৈতিক ভাৱে অৱনমিত কৰিব পাৰে,তাৰেই যেন চলিছে অবাধ প্ৰতিযোগিতা ।বহুসংখ্যক টুইটাৰ ব্যৱহাৰকাৰীয়ে আপক কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰিছে।
অৱশ্য ইয়াৰ কাৰণো নথকা নহয়।ম’ৰবীৰ ঘটনাৰ আগদিনাই আপৰ সদস্য নিখিল চভানীয়ে আপডেট দিছিল “কাইলৈ ভাজপাৰ গুজৰাটত দুটা ভয়ংকৰ জোঁকাৰণি হ’ব।”চভানীৰ এই টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অৰুণ ত্ৰিপাঠীয়ে লিখিছে“আপ দলৰ নেতাবোৰ জ্যোতিষী নেকি?যি হ’বলগীয়া থাকে এদিন আগতীয়াকৈ কেনেকৈ গম পায়। গুজৰাটৰ ম’ৰবীৰ দুৰ্ঘটনা আৰু অগ্নিকাণ্ডৰ ঘটনা তেওঁলোকে আগতীয়াকৈ কেনেকৈ গম পাইছিল?”কিশলয় নামৰ এগৰাকী আপৰ সমৰ্থক টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে “ কাইলৈ গুজৰাট বিজেপিৰ কবৰ খন্দা হ’ব, ৰঙা মেকুৰী সাজু হৈ আছে।” আপৰ কৰ্মীৰ ওপৰত চলা এই টুইটাৰ আক্ৰমণক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি আপ নেতাই আপলোড কৰিছে জনতাক স্তম্ভিত কৰা এটা ভিডিঅ।

গুজৰাটাৰ স্বাস্থ্য মন্ত্ৰী সেই দিনা কিহত ব্যস্ত আছিল জানেনে?গুজৰাটৰ স্বাস্থ্য মন্ত্ৰী ৰুচিকেশ পেটেলে ম’ৰবীৰ ওলোমা দলং মৃত্যুকুণ্ডলৈ পৰ্যবসিত হোৱাৰ সময়ত ব্যস্ত আছিল নিজৰ জন্মদিন উদযাপনত।আপ নেতা হাছান চফীনে টুইটাৰত স্বাস্থ্যমন্ত্ৰী গৰাকীৰ ভিডিঅ’ আপলোড কৰি লিখিছে “ ম’ৰবীৰ ঘটনাটো সংঘটিত হৈছিল সন্ধিয়া ৬-৩০ বজাত। সেই সময়ত ব্যস্ত আছিল নিজৰ জন্মদিন উদযাপনত।আপ নেতা হাছান চফীনে টুইটাৰত স্বাস্থ্যমন্ত্ৰী গৰাকীৰ ভিডিঅ’ আপলোড কৰি লিখিছে “ ম’ৰবীৰ ঘটনাটো সংঘটিত হৈছিল সন্ধিয়া ৬-৩০ বজাত। সেই সময়ত গুজৰাটৰ বিজেপিৰ নিলাজ স্বাস্থ্য মন্ত্ৰীয়ে হস্পিতাললৈ যোৱাৰ পৰিবৰ্তে ব্যস্ত আছিল নিজৰ জন্মদিনৰ কেক কটাত৷লগ-বন্ধুক লৈ উদযাপন কৰিছিল নিজৰ জন্মদিন।”আপ -বিজেপিৰ এই আক্ৰমণ -প্ৰত্যাক্ৰমণে ৰাজনৈতিক দলবোৰে ৰাজনীতিৰ নামত কিমান তললৈ নামিব পাৰে তাৰে ইংগিত বহন কৰিছে।নিৰীহৰ মৃত্যুক লৈ ৰাজনৈতিক লাভালাভ চিন্তা কৰা এনে ৰাজনৈতিক নেতাৰ পৰা এক সুস্থ সমাজ ,সুস্থ চৰকাৰ আশা কৰাটো সুদূৰ পৰাহত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.