সত্যেন্দ্ৰ জৈনে ১০ কোটি লোৱাৰ অভিযোগ সঁচা নেকি?

Share This Article

ধন সৰবৰাহৰ গোচৰত অভিযুক্ত হৈ তিহাৰ জে’লত থকা দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টী চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ।কনমেন সুকেশ চন্দ্ৰশেখৰৰ পৰা মন্ত্ৰী গৰাকীয়ে ‘ছিকিউৰিটি মনি’ৰ নামত ১০ কোটি টকা লৈছিল। চন্দ্ৰশেখৰে দিল্লীৰ লেফটেনেণ্ট জেনেৰেল বিনয় কুমাৰ ছাক্সেনালৈ লিখা এখন পত্ৰত এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অকল ইমানেই নহয়,২০১৫ চনৰ পৰা তেওঁ আপক ৫০ কোটি টকা দিছে । তাৰ বিনিময়ত তেওঁক দক্ষিণ ভাৰতত আপৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ কথা আছিল পত্ৰখনত উল্লেখ কৰিছে চন্দ্ৰশেখৰে। উল্লেখ্য ধন সৰবৰাহৰ গোচৰত ই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত কাৰাৰুদ্ধ হৈ আছে চন্দ্ৰশেখৰ। কনমেন সুকেশ চন্দ্ৰশেখৰে কৰিছে এই গুৰুতৰ অভিযোগ দিল্লীৰ লেফটেনেণ্ট জেনেৰেল বিনয় কুমাৰ চাক্সেনালৈ পত্ৰ লিখি জনালে চন্দ্ৰশেখৰে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.