সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হাল এৰি শিয়াল খেদাতহে ব্যস্ত বিজেপি?

মৃত্যুতকৈ প্ৰধানমন্ত্ৰীৰ ফটো ছেচনৰ গুৰুত্ব বেছি গুজৰাট চৰকাৰৰ দৃষ্টিত।সেই কথা গুজৰাট চৰকাৰ তথা প্ৰশাসনৰ শেহতীয়া কাম-কাজেই প্ৰমাণ কৰিছে।মৃত্যু বিজেপিৰ বাবে যেন ডাঙৰ ইছ্যু নহয় , প্ৰধানমন্ত্ৰীৰ ভ্ৰমণহে ডাঙৰ ইছ্যু ।দলং দুৰ্ঘটনাৰ ভুক্তভোগীক এৰি হস্পিতেলত লগাইছে টাইলছ,কৰিছে ৰং গোটেই নিশা হস্পিতাল কৰ্তৃপক্ষ ব্যস্ত হস্পিতালৰ সৌন্দৰ্যবৰ্ধনত।উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মঙলবাৰে ম’ৰবী চিকিৎসালয়লৈ যোৱাৰ কথা।দেওবাৰে ৰাজ্যখনৰ ম’ৰবী অঞ্চলত সংঘটিত ওলোমা দলং খহি পৰাৰ ঘটনাত আহত লোকসকলৰ চিকিৎসা চলি আছে ম’ৰবী চিভিল হস্পিতালত।দেওবাৰৰ ঘটনাত এতিয়ালৈকে বেচৰকাৰী তথ্য মতে ১৯০ জনৰো অধিক লোকৰ মৃত্যু হৈছে।দলংখন পুনৰ নিৰ্মাণৰ কাম কৰিছিল অ’ৰেভা নামৰ কোম্পানীটোৱে।উক্ত কোম্পানীটো প্ৰকৃততে বাল্ব নিৰ্মাণৰ কোম্পানীহে।মাত্ৰ১৫ টকাকৈ পোৱাৰ আশাত ৫শতাধিক লোকক উঠিবলৈ অনুমতি দিছিল কোম্পানীটোৱে।যাৰ ফলত মাত্ৰ ১২৫ জন উঠাৰ ক্ষমতা থকা দলংখনত উঠিছিল প্ৰায় ৫০০ মানুহ।উক্ত দুৰ্ঘটনাত আহত লোকসকলক ৰাখিছে ম’ৰবী চিভিল হস্পিতালত।তাকে চাবলৈ প্ৰধানমন্ত্ৰী যাব বুলি গম পায় প্ৰশাসন ব্যস্ত হৈছে হস্পিতালৰ সাজোনকাচোনত।ৰং লগোৱাই ৰং লগাইছে,নতুন ৱাটাৰ কুলাৰ লগাইছে,নতুন ফেন লগাইছে,নতুন বেডছীট পাৰিছে হস্পিতালত ।এই ভয়ংকৰ দুৰ্যোগৰ সময়ত হাল এৰি শিয়াল খেদাত নিয়োজিত হোৱা প্ৰশাসন তথা চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছ আৰু আপ দলে।কংগ্ৰেছ দলে টুইটাৰত লিখিছে “প্ৰধানমন্ত্ৰী যাব চিভিললৈ৷সেয়ে ৰংচঙীয়া টাইলছ লগাইছে,ৰং কৰিছে যাতে মোডীৰ ফটোত হস্পিতালৰ ফটোখন ধুনীয়াকৈ আহে।”
আনহাতে,আপ দলে লিখিছে“ প্ৰধানমন্ত্ৰীয়ে যাতে ফটোশ্বুট কৰোঁতে কোনো অসুবিধা নহয় তাৰ বাবে গোটেই ৰাতি কাম কৰিবলগীয়া হৈছে ৷বিগত ২৭ বছৰে যদি এইখিনি কাম কৰিলেহেঁতেন তেন্তে গোটেই ৰাতি কষ্ট নকৰিলেও হ’লহেঁতেন।”

Leave A Reply

Your email address will not be published.