৯৭ কোটিৰে ‘ঢোল পিটিলে’ আপে !

Share This Article

আপৰ পৰা ৯৭ কোটি টকা লাগে দিল্লীৰ ৰাজ্যপালক ! কিন্তু কিয়?ক’ত ব্যয় কৰিলে আপে? হিচাপ লাগে বিনয় কুমাৰ চাক্সেনাক !দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ বিনয় কুমাৰ চাক্সেনাই বিচাৰিছে এই ধনৰ হিচাপ।মুখ্য সচিব নৰেশ কুমাৰক এই ধন উভতাই ল’বলৈ নিৰ্দেশ দিছে ৰাজ্যপালে।অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰখনে চৰকাৰী বিজ্ঞাপনৰ পৰিবৰ্তে ৰাজনৈতিক বিজ্ঞাপনত অধিক ধন বিনিয়োগ কৰাৰ অভিযোগ তুলিছে ৰাজ্যপালে।উল্লেখ্য যে লেফটেনেণ্ট গভৰ্ণৰ আৰু আপৰ মাজত বহুত দিনৰ পৰাই চলি আছে সংঘাত।সুৰা নীতিক লৈয়ো তুমুল সংঘাত হৈছিল দুয়ো পক্ষৰ।সুৰা নীতি সম্পৰ্কত মনীষ ছিছ’ডিয়াকো দোষী সাব্যস্ত কৰিছিল ৰাজ্যপালে৷তদুপৰি দিল্লী চৰকাৰৰ অধীনত চলা ল’ ফ্লৰ বাছৰ ক্ষেত্ৰতো আপ চৰকাৰৰ দুৰ্নীতিৰ বিষয়টো উত্থাপন কৰিছিল গভৰ্ণৰ চাক্সেনাই।তদুপৰি কেজৰিৱাল চৰকাৰে গ্ৰহণ কৰা ‘ৰঙা লাইট অন,গাড়ী অফ ’ অভিযান আৰম্ভ কৰাৰ ক্ষেত্ৰতো বিধিপথালি দিছিল গভৰ্ণৰ গৰাকীয়ে।বিগত মাহত লেফটেনেণ্ট গভৰ্ণৰৰ অবৈধ হস্তক্ষেপৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ক জনাইছিল আপে।আপৰ অভিযোগ অনুসৰি গভৰ্ণৰৰ অবৈধ হস্তক্ষেপৰ বাবে দিল্লী চৰকাৰে যিধৰণে কামবোৰ কৰিব লাগিছিল,সেইধৰণে কৰিব পৰা নাই।শাসক দল আপে উচ্চতম ন্যায়ালয়ক জনাইছিল“ কেন্দ্ৰীয় শাসিত দিল্লীত গভৰ্ণৰে এক সমান্তৰাল চৰকাৰ চলাই আছে।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.