বিশ্বকাপ ফুটবল — কোৱাৰ্টাৰ ফাইনেল

Share This Article

আজি ইউৰোপ বনাম দক্ষিণ অমেৰিকা !!
নেইমাৰ বনাম ব্ৰজভিক, মেছি বনাম ভাৰ্জিল ভান ডিক
।। জিতেন গগৈ ।।

বিশ্ৱ কাপ ফুটবলৰ আজিৰ দুয়োখন কোৱাৰ্টাৰ ফাইনেলত দেখা যাব ইউৰোপ আৰু দক্ষিণ আমেৰিকান দলৰ মাজৰ যুঁজ, য’ত ব্ৰাজিল ক্ৰৱেচিয়া আৰু আৰ্জেন্টিনা মুখামুখী হব নেদাৰলেন্ডৰ । দক্ষিণ আমেৰিকীয় ষ্টাইল হ’ল মূলতঃ মুক্ত । আক্ৰমণেই প্ৰথম কথা । তাৰ বিপৰীতে ইউৰোপীয় ফুটবল সংগঠিত ।প্ৰতিপক্ষক মুকলিমূৰীয়া হবলৈ দিব নোখোজে । সাৱধানী ।পিছে, চাম্বা নৃত্যৰ দৰেই লেটিন আমেৰিকীয় দলৰ খেলত থাকে অনন্য সৌন্দৰ্য । ষ্টাইলৰ ক্ষেত্ৰত অপূৰ্ব ব্ৰাজিলিয়ানসকল । কোনো সন্দেহ নাই, আজিৰ নিশাৰ দুয়োখন খেলেই তেনেবোৰ কাৰণতেই আকৰ্ষণীয় হৈ উঠাৰ সম্ভাৱনা প্ৰৱল। ঘটনাক্ৰমে, ব্ৰাজিল আৰু ক্ৰৱেচিয়া দুয়োটা দলেই আগৰ খেলত এছিয়ান দলক পৰাজিত কৰিছিল। তাৰ ভিতৰত ক্ৰৱেচিয়াই বেছ ঘাম পেলাবলগীয়া হ’ল জাপানৰ বিৰুদ্ধে ।টাইব্ৰেকাৰ পৰ্যন্ত আগবাঢ়িল খেল । বিপৰীতে ব্ৰাজিলৰ পৰিশ্ৰম সিমান নহ’ল । কোৰিয়াৰ বিৰুদ্ধে সেইখন খেলৰ ফলাফল কবলৈ গলে প্ৰথম হাফতে স্পষ্ট হৈ গৈছিল, য”ত ৩৬ মিনিটতে তেওঁলোকে চাৰিটাকৈ গ’ল দিছিল ।ক্ৰৱেচিয়াৰ বিৰুদ্ধে পিছে আজি ব্ৰাজিলে তেনে স্ৱাধীনতা পোৱাৰ আশা কৰিব নোৱাৰিব । নেইমাৰকে ধৰি ফৰ্মত থকা ভিনিছিয়াছ, ৰিচাৰ্লিছন, ৰাফিনহা বা কাছেমিৰো আদিক ছন্দহীন কৰিবলৈ ইউৰোপীয়ান দলটোৰ বেহু থাকিবই। সৃষ্টিশীল খেলেৰে ব্ৰাজিলক উদ্ভাসিত কৰিব খোজা নেইমাৰক প্ৰতিহত কৰাৰ দায়িত্ৱটো বোধকৰো মাৰ্চেলো ব্ৰজভিকৰ কান্ধতেই পৰিব ।৫ ফুট ১১ ইন্সি উচ্চতাৰ ডিফেন্সিভ মিডফিল্ডাৰগৰাকীয়ে খেলে ইটালীৰ ইন্টাৰ মিলান ক্লাবত । জাৰ্ছী নম্বৰ ১১ । একেদৰেই ক্ৰৱেচিয়ান দলৰ চালিকা শক্তি লোকা মড্ৰিচৰ ওপৰত দৃষ্টি থাকিব প্ৰতিপক্ষৰ । তথ্য খুচৰিলে দেখা যায় বিশ্ৱ কাপত এই পৰ্যন্ত তেওঁলোক দুবাৰ মুখামুখী হৈছে আৰু দুয়োবাৰেই ব্ৰাজিল জয়ী হৈছে । প্ৰথমবাৰ ২০০৬ চনত। গ্ৰুপ লীগৰ খেলখনত ১-০ ত জিকোতে নিৰ্ণায়ক গ’লটো দিছিল কাকাই । দ্ৱিতীয় মুখামুখী ২০১৪ চনত । নেইমাৰৰ দুগ’লেৰে ব্ৰাজিল জিকিছিল ৩-১ গ’লত ।ভাৰতীয় সময় অনুসৰি মাজনিশা হবলগীয়া খেলখনো একপক্ষীয় হোৱাৰ কথাই নাই । টোটেল ফুটবলৰ বিপৰীতে আন এক লেটিনো ফ্লেভাৰ ! ক্ৰমশঃ ছেট হৈ আহিছে নেদাৰলেন্ড । মেমফিছ ডীপেই খোপনি পুতিছে । তিনিটাকৈ গ’ল দি আহিছে গাকপোৱে ।আৰ্জেন্টাইন ডিফেন্সে সুৰুঙা ৰখাৰ অৱকাশ নাপাব । কিন্তু একেই কথা খাটিব ডাচ্চ ৰক্ষণ বিভাগৰ ক্ষেত্ৰতো ।কেৰিয়াৰৰ অন্তিম বিশ্ৱ কাপৰপৰা শুদামুখে ঘূৰি নোযোৱাৰ একপ্ৰকাৰ অংগীকাৰ কৰিছে লায়নেল মেছিয়ে । তিনিটাকৈ গ’লো দিছে এতিয়ালৈকে ।সেই মেছি আৰু ডাচ্চ অধিনায়ক তথা লিভাৰপুল ক্লাবৰহৈ খেলা চেন্ট্ৰেল ডিফেন্ডাৰ ভাৰ্জিল ভান ডিকৰ আজিৰ যুঁজ মন কৰিবলগীয়া হব ।কেৱল আৱেগ নহয়, বিজয়ী হোৱাৰ জোখাৰে সামৰ্থও যে আছে, সেই কথা পূৰ্বৰ দুবাৰৰ বিজয়ী আৰ্জেন্টিনাই পাৰ হৈ যোৱা খেলত ক্ৰমাগত উন্নত প্ৰদৰ্শনেৰে প্ৰতীয়মানো কৰিছে ।বিশ্ৱ কাপত তেওঁলোক এই পৰ্যন্ত পাঁচবাৰ মুখামুখি হৈছে ।তাৰে উভয় দলে দুখনকৈ খেলত জয়ী হোৱাৰ বিপৰীতে আনখন ড্ৰ হৈছে ।শেহতীয়াকৈ ২০১৪ চনত নেদাৰলেন্ডক টাইব্ৰেকাৰত হৰুৱাইয়েই আৰ্জেন্টিনা তৃতীয়বাৰলৈ ফাইনেললৈ আগবাঢ়িছিল ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.