সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰতিশোধ : অধিক বিপদৰ মাজলৈ ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰ – ছাত্ৰী

ক্ৰমশ: অধিক বিপদৰ মাজত সোমাই পৰিছে ইউক্ৰেইনত থকা ভাৰতীয় ছাত্ৰ ছাত্ৰীসকল ৷ দেশখনৰ চেকপোষ্টত ভাৰতীয় ছাত্ৰক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ ভাৰতে ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিৰুদ্ধে ভোটদান নকৰাৰ বাবেই এই প্ৰতিশোধ লোৱা বুলি ছাত্ৰ –ছাত্ৰীসকলে সদৰী কৰিছে ৷ এনে কিছুমান ভিডিও পোহৰলৈ আহিছে , য’ত দেখা গৈছে যে সেনাই শূণ্যলৈ গুলীচালনা কৰি ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰিছে ৷

ভাৰতে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে এতিয়া তাত বিপদৰ মাজত দিন কটাইছে ৷ প্ৰায় ২৫০ জনীয়া এটা ছাত্ৰৰ দলে সীমা অতিক্ৰমি পোলেণ্ডত প্ৰৱেশ কৰিছে ৷ এইসকল ছাত্ৰ- ছাত্ৰীয়ে তেওলোকৰ আৰু বহু সতীৰ্থ আৱদ্ধ হৈ থকাৰ কথা সদৰী কৰিছে ৷

- Donation -

Leave A Reply

Your email address will not be published.