প্ৰতিশোধ : অধিক বিপদৰ মাজলৈ ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰ – ছাত্ৰী

Share This Article

ক্ৰমশ: অধিক বিপদৰ মাজত সোমাই পৰিছে ইউক্ৰেইনত থকা ভাৰতীয় ছাত্ৰ ছাত্ৰীসকল ৷ দেশখনৰ চেকপোষ্টত ভাৰতীয় ছাত্ৰক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ ভাৰতে ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিৰুদ্ধে ভোটদান নকৰাৰ বাবেই এই প্ৰতিশোধ লোৱা বুলি ছাত্ৰ –ছাত্ৰীসকলে সদৰী কৰিছে ৷ এনে কিছুমান ভিডিও পোহৰলৈ আহিছে , য’ত দেখা গৈছে যে সেনাই শূণ্যলৈ গুলীচালনা কৰি ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰিছে ৷

ভাৰতে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে এতিয়া তাত বিপদৰ মাজত দিন কটাইছে ৷ প্ৰায় ২৫০ জনীয়া এটা ছাত্ৰৰ দলে সীমা অতিক্ৰমি পোলেণ্ডত প্ৰৱেশ কৰিছে ৷ এইসকল ছাত্ৰ- ছাত্ৰীয়ে তেওলোকৰ আৰু বহু সতীৰ্থ আৱদ্ধ হৈ থকাৰ কথা সদৰী কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.