ইউক্ৰেইনত কি ধ্বংস কৰিলে ৰাছিয়াই ?ৰাছিয়াৰ কি জব্দ কৰিলে ফ্ৰান্সে ?

Share This Article

যুদ্ধৰ তৃতীয় দিনটোত ৰাছিয়াই দাবী কৰিছে যে এতিয়ালৈকে তেওলোকে ইউক্ৰেইনৰ ৮০০ সেনা ছাউনী ধ্বংস কৰিছে ৷ ইয়াৰ ভিতৰত ১৪ খন বিমান উৰণ ক্ষেত্ৰ , ১৯ টা কামাণ্ড পোষ্ট , ২৪ তা এছ এন্টী এয়াৰক্ৰাফট মিছাইল চিষ্টেম আৰু ৪৮ ৰাডাৰ ষ্টেছন আছে ৷ ইউক্ৰেইনৰ ৮ খন নাও ৰাছিয়াৰ আক্ৰমণত ধ্বংস হোৱা বুলিও বাতৰিত প্ৰকাশ ৷
ইপিনে , যুদ্ধত ৰাছিয়া আৰু ইউক্ৰেইনৰ বাহিৰেও আন আন দেশ জড়িত হ’বলৈ আৰম্ভ কৰিছে ৷ চি এন এনৰ বাতৰি অনুসৰি , ফ্ৰান্সৰ এখন নেভীয়ে ৰাছিয়াৰ কাৰ্জো জাহাজ এখন নিজৰ কব্জালৈ আনিছে ৷ ইংলিছ চেনেলৰ পৰা জব্দ কৰা এই জাহাজখনত মূল্যবান গাড়ী আছিল ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.