পশ্চিমৰ দেশৰ লগত কোনো সম্পৰ্ক নাৰাখে ৰাছিয়াই !

Share This Article

পশ্চিমীয়া দেশৰ লগত কোনো সম্পৰ্ক ৰাখিব নালাগে ৰাছিয়াই ৷ আমেৰিকা – ইউৰোপিয়ান ইউনিয়নকে ধৰি কেবাখনো পশ্চিমীয়া ৰাষ্ট্ৰই ৰাছিয়া আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাছত কঠোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি দমিত্ৰী মেদভদেভে ৷ তেও কয় যে পশ্চিমীয়া দেশৰ লগত ৰাছিয়াই সম্পৰ্ক ৰক্ষা কৰাৰ কোনো প্ৰয়োজন নাই ৷ সেই দেশসমূহত থকা ৰুছ দূতাবাস বন্ধ কৰাৰো সময় আহি পৰিছে ৷ ব্লাডিমিৰ পুটিনৰ লক্ষ্য পূৰণ নোহোৱালৈকে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত থাকিব বুলি তেও ঘোষণা কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.