সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসহায় ইউক্ৰেইন :১৩৭ জনৰ মৃত্যু : ৰাজধানী কীৱ দখলৰ দিশে ৰাছিয়া

শুক্ৰবাৰে পুৱাই ইউক্ৰেইনৰ ৰাজধানী কীৱত আক্ৰমণ সংঘটিত কৰে ৰাছিয়ান সেনাই ৷ ৰাজধানী চহৰখনত বাস কৰা লোকসকলে আণ্ডাৰগ্ৰউণ্ড টেংকাৰত আশ্ৰয় গ্ৰহণ কৰিছে ৷ এনে যুদ্ধবিধ্বস্ত পৰিস্থিতিৰ মাজত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি বোলোডিমিৰ জেলেনস্কিয়ে ঘোষণা কৰিছে যে ৰুছ সেনাই ইতিমধ্যে ৰাজধানীত প্ৰৱেশ কৰিছে আৰু অহা ৪ দিনৰ ভিতৰত তেওলোকে ৰাজধানী সম্পূৰ্ণৰূপে দখল কৰি ল’ব ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাছিয়ান নাগৰিকসকলক যুদ্ধ বিৰোধী স্থিতি গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে ৷
ৰাছিয়াৰ এই আক্ৰমণত এতিয়ালৈকে ১৩৭ জন লোকৰ মৃত্যু হৈছে আৰু ৩১৬ জন লোক আহত হৈছে ৷ ইয়াৰ মাজতে আমেৰিকাই ইউৰোপত অতিৰিক্ত ৭ সেনা মোতায়ন কৰা হ’ব বুলি ঘোষণা কৰিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৰাছিয়াক সহযোগ কৰা দেশসমূহক সকীয়ণি দি কৈছে যে যিয়ে ইউক্ৰেইন যুদ্ধৰ সমৰ্থন কৰিব , তেওলোকৰ হাততো তেজৰ দাগ লাগিব ৷ কিন্তু সকীয়ণি , গুজৰণি আদিৰ মাজত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে অসহায়ভাৱে কৈছে যে সমগ্ৰ বিশ্বই তেওলোকক অকলশৰীয়াকৈ এৰি দিছে ৷

Leave A Reply

Your email address will not be published.