ইউক্ৰেইনত আৱদ্ধ হৈ আছে কমেও ২০ হাজাৰ ভাৰতীয় নাগৰিক ৷ অধিকাংশই ছাত্ৰ – ছাত্ৰী ৷ বিমানসেৱা বন্ধ হৈ পৰাৰ বাবে আৱদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰত জটিলতাৰ সৃষ্টি হৈছে ৷ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে সদৰী কৰা অনুসৰি , ভাৰত চৰকাৰে ৰোমানিয়া আৰু হাংগেৰীৰ পথেৰে ভাৰতীয়সকলক ওভতাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ সকলো নাগৰিকক নিজৰ লগত পাছপোৰ্ট আৰু আমেৰিকান ডলাৰ মজুত ৰাখিবলৈও পৰামৰ্শ দিয়া হৈছে ৷ ভাৰতীয় দূতাবাসে জাৰি কৰা নতুন পৰামৰ্শৱলীত ক’ৰোনাৰ ভেকচিন গ্ৰহণ কৰা চাৰ্টিফিকেটো লগত মজুত ৰাখিবলৈ কোৱা হৈছে ৷ ইয়াৰ বাহিৰেও সম্ভৱ হ’লে নিজৰ গাড়ীত ত্ৰিৰংগা পতাকাৰ প্ৰিন্ট আউট আঠা লগাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে ৷