কোন পথেৰে ইউক্ৰেইনৰ পৰা বাহিৰলৈ ওলাব আৱদ্ধ ভাৰতীয় ?

Share This Article

ইউক্ৰেইনত আৱদ্ধ হৈ আছে কমেও ২০ হাজাৰ ভাৰতীয় নাগৰিক ৷ অধিকাংশই ছাত্ৰ – ছাত্ৰী ৷ বিমানসেৱা বন্ধ হৈ পৰাৰ বাবে আৱদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰত জটিলতাৰ সৃষ্টি হৈছে ৷ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে সদৰী কৰা অনুসৰি , ভাৰত চৰকাৰে ৰোমানিয়া আৰু হাংগেৰীৰ পথেৰে ভাৰতীয়সকলক ওভতাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ সকলো নাগৰিকক নিজৰ লগত পাছপোৰ্ট আৰু আমেৰিকান ডলাৰ মজুত ৰাখিবলৈও পৰামৰ্শ দিয়া হৈছে ৷ ভাৰতীয় দূতাবাসে জাৰি কৰা নতুন পৰামৰ্শৱলীত ক’ৰোনাৰ ভেকচিন গ্ৰহণ কৰা চাৰ্টিফিকেটো লগত মজুত ৰাখিবলৈ কোৱা হৈছে ৷ ইয়াৰ বাহিৰেও সম্ভৱ হ’লে নিজৰ গাড়ীত ত্ৰিৰংগা পতাকাৰ প্ৰিন্ট আউট আঠা লগাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.