চীন আৰু দক্ষিণ কোৰিয়াত পুনৰ শক্তিশালী হৈ উঠিছে অমিক্ৰন ।

Share This Article

চীন আৰু দক্ষিণ কোৰিয়াত পুনৰ শক্তিশালী হৈ উঠিছে অমিক্ৰন । বিগত শনিবাৰে চীনত নতুনকৈ আক্রান্ত হৈছে ২১৫৭ জন ব্যক্তি লগতে চীন প্ৰশাসনৰ খবৰ অনুসৰি শনিবাৰে মৃত্যু হয় দুজন ব্যক্তিৰ। তথ্য অনুসৰি আক্ৰান্ত সকলৰ অধিকাংশই জিলিন প্ৰদেশৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যেই এই অঞ্চলত বহিৰাগতৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।
চীন আৰু দক্ষিণ কোৰিয়াত হোৱা দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনৰ মুখ্য স্বাস্থ্য উপদেষ্টা এণ্টনী ফাউচিয়ে সাৱধানতা অৱলম্বন কৰাৰ লগতে তৎকালীন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অন্যথা অমিক্ৰনৰ নতুন ৰূপ বিএ২ এ আমেৰিকাত সংহাৰি ৰূপ ধাৰণ কৰিব আৰু পুনৰ বিশ্ববাসী লকডাউনৰ কবলত পৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.