আগ্ৰাসী অষ্ট্ৰেলিয়া নে পৰিপাটী নিউজিলেণ্ড : টি ২০ ত কোন হ’ব চেম্পিয়ন ?

Share This Article

অৱশেষত আহি পালে সেই দিনটো ৷ টি ২০ ক্ৰিকেটৰ চেম্পিয়ন কোন , সেয়া আজি নিৰ্ধাৰণ হ’ব ডুবাইৰ ষ্টেডিয়ামত ৷ টি ২০ বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড৷ এতিয়ালৈকে কোনো এটা দলেই টি ২০ বিশ্বকাপ জয় কৰিব পৰা নাই ৷ ২০১০ চনত অষ্ট্ৰেলিয়া ফাইনেলত পৰাজিত হৈছিল ৷ নিউজিলেণ্ডৰ বাবে এয়াই প্ৰথম ফাইনেলৰ অভিজ্ঞতা ৷ কিন্তু ইয়াৰ পূৰ্বে আই চি চিৰ আটাইকেইটা গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত চমকপ্ৰদ প্ৰদৰ্শন কৰিছে নিউজিলেণ্ডে ৷ ২০১৯ ৰ এদিনীয়া বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইও অতি বিতৰ্কিতভাৱে ইংলেণ্ডৰ হাতত পৰাজিত হৈছিল নিউজিলেণ্ড ৷ তাৰ পাছতে টেষ্ট চেম্পিয়নশ্বিপত ভাৰতক হৰুৱাই চেম্পিয়ন হৈছে ৷ ধাৰাবাহিক ভাল প্ৰদৰ্শনৰ পাছত এইবাৰ টি ২০ বিশ্বকাপৰো ফাইনেলত উপনীত হৈছে কিৱি বাহিনী ৷ অধিনায়ক কেন উইলিয়ামছৰ শীতল মস্তিষ্কৰ গোপন পৰিকল্পনাৰে নিউজিলেণ্ড অৱতীৰ্ণ হ’ব ফাইনেলত ৷ ইয়াৰ বিপৰীতে আৰণ ফিন্স নেতৃত্বাধীন অষ্ট্ৰেলিয়াৰ আত্মবিশ্বাস তুংগত আছে ৷ ছেমি ফাইনেলত প্ৰতিকূলতাৰ মাজতো অতি দুৰ্দান্ত খেলেৰে পৰাজিত কৰিছে পাকিস্তানক ৷ স্বাভাৱিকতে সেই আত্মবিশ্বাসেৰে আগ্ৰাসী ৰূপত ফিল্ডত নামিব কাংগাৰু বাহিনী ৷ ইয়াৰ বিপৰীতে শৃংখলিত , সাৱধানী ৰূপত দেখা যাব নিউজিলেণ্ডক ৷ যিয়েই নিজিকক কিয় , ক্ৰিকেট বিশ্বই আজি লাভ কৰিব টি ২০ ৰ এটা নতুন চেম্পিয়ন দলক ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.