সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আগ্ৰাসী অষ্ট্ৰেলিয়া নে পৰিপাটী নিউজিলেণ্ড : টি ২০ ত কোন হ’ব চেম্পিয়ন ?

অৱশেষত আহি পালে সেই দিনটো ৷ টি ২০ ক্ৰিকেটৰ চেম্পিয়ন কোন , সেয়া আজি নিৰ্ধাৰণ হ’ব ডুবাইৰ ষ্টেডিয়ামত ৷ টি ২০ বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড৷ এতিয়ালৈকে কোনো এটা দলেই টি ২০ বিশ্বকাপ জয় কৰিব পৰা নাই ৷ ২০১০ চনত অষ্ট্ৰেলিয়া ফাইনেলত পৰাজিত হৈছিল ৷ নিউজিলেণ্ডৰ বাবে এয়াই প্ৰথম ফাইনেলৰ অভিজ্ঞতা ৷ কিন্তু ইয়াৰ পূৰ্বে আই চি চিৰ আটাইকেইটা গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত চমকপ্ৰদ প্ৰদৰ্শন কৰিছে নিউজিলেণ্ডে ৷ ২০১৯ ৰ এদিনীয়া বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইও অতি বিতৰ্কিতভাৱে ইংলেণ্ডৰ হাতত পৰাজিত হৈছিল নিউজিলেণ্ড ৷ তাৰ পাছতে টেষ্ট চেম্পিয়নশ্বিপত ভাৰতক হৰুৱাই চেম্পিয়ন হৈছে ৷ ধাৰাবাহিক ভাল প্ৰদৰ্শনৰ পাছত এইবাৰ টি ২০ বিশ্বকাপৰো ফাইনেলত উপনীত হৈছে কিৱি বাহিনী ৷ অধিনায়ক কেন উইলিয়ামছৰ শীতল মস্তিষ্কৰ গোপন পৰিকল্পনাৰে নিউজিলেণ্ড অৱতীৰ্ণ হ’ব ফাইনেলত ৷ ইয়াৰ বিপৰীতে আৰণ ফিন্স নেতৃত্বাধীন অষ্ট্ৰেলিয়াৰ আত্মবিশ্বাস তুংগত আছে ৷ ছেমি ফাইনেলত প্ৰতিকূলতাৰ মাজতো অতি দুৰ্দান্ত খেলেৰে পৰাজিত কৰিছে পাকিস্তানক ৷ স্বাভাৱিকতে সেই আত্মবিশ্বাসেৰে আগ্ৰাসী ৰূপত ফিল্ডত নামিব কাংগাৰু বাহিনী ৷ ইয়াৰ বিপৰীতে শৃংখলিত , সাৱধানী ৰূপত দেখা যাব নিউজিলেণ্ডক ৷ যিয়েই নিজিকক কিয় , ক্ৰিকেট বিশ্বই আজি লাভ কৰিব টি ২০ ৰ এটা নতুন চেম্পিয়ন দলক ৷

Leave A Reply

Your email address will not be published.