সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অৰুণাচলত চীনা গাও : কেন্দ্ৰক আক্ৰমণ কৰি কি ক’লে ৰাহুল গান্ধীয়ে ?

অৰুণাচল সীমান্তত চীনে গাও পতাক লৈ বিতৰ্ক অব্যাহত আছে ৷ আমেৰিকাৰ চোৰাংছোৱাৰ মতে সীমান্তত ভাৰতীয় ভূ- খণ্ডত চীনে ১০০ টা ঘৰ নিৰ্মান কৰিছে ৷ কিন্তু ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱটে আমেৰিকাৰ চোৰাংছোৱাৰ এই দাবী অস্বীকাৰ কৰি কৈছে যে চীনে নিজা ভূখণ্ডত কিছুমান পুৰণি ঘৰ মেৰামতি কৰিছে ৷ ইপিনে , ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে চীনে অবৈধ দখলৰ চেষ্টা চলোৱাটো ভাৰতে কেতিয়াও সহ্য নকৰে ৷ দুগৰাকী শীৰ্ষ বিষয়াৰ এই মন্তব্যৰ পাছতে কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ এক টুইটত তেও এইদৰে লিখে –‘দেশৰ ৰাষ্ট্ৰীউ সুৰক্ষাক লৈ অক্ষমনীয় আপোচ কৰা হৈছে ৷মোদী চৰকাৰৰ চীনক লৈ কোনো সঠিক ৰণকৌশল নাই ৷ ‘মিষ্টাৰ৫৬ ইঞ্চিয়ে ভয় খাইছে ৷কেন্দ্ৰীয় চৰকাৰে বাৰম্বাৰ মিছা কথা কৈ আহিছে ৷ সীমান্তত যিসকল জোৱানে নিজৰ জীৱনৰ লগত বাজি লগাই দেশৰ ৰক্ষা কৰি আহিছে , তেওলোকৰ লগত আমি আছো ৷’

Leave A Reply

Your email address will not be published.