অৰুণাচলত চীনা গাও : কেন্দ্ৰক আক্ৰমণ কৰি কি ক’লে ৰাহুল গান্ধীয়ে ?

Share This Article

অৰুণাচল সীমান্তত চীনে গাও পতাক লৈ বিতৰ্ক অব্যাহত আছে ৷ আমেৰিকাৰ চোৰাংছোৱাৰ মতে সীমান্তত ভাৰতীয় ভূ- খণ্ডত চীনে ১০০ টা ঘৰ নিৰ্মান কৰিছে ৷ কিন্তু ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱটে আমেৰিকাৰ চোৰাংছোৱাৰ এই দাবী অস্বীকাৰ কৰি কৈছে যে চীনে নিজা ভূখণ্ডত কিছুমান পুৰণি ঘৰ মেৰামতি কৰিছে ৷ ইপিনে , ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে চীনে অবৈধ দখলৰ চেষ্টা চলোৱাটো ভাৰতে কেতিয়াও সহ্য নকৰে ৷ দুগৰাকী শীৰ্ষ বিষয়াৰ এই মন্তব্যৰ পাছতে কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ এক টুইটত তেও এইদৰে লিখে –‘দেশৰ ৰাষ্ট্ৰীউ সুৰক্ষাক লৈ অক্ষমনীয় আপোচ কৰা হৈছে ৷মোদী চৰকাৰৰ চীনক লৈ কোনো সঠিক ৰণকৌশল নাই ৷ ‘মিষ্টাৰ৫৬ ইঞ্চিয়ে ভয় খাইছে ৷কেন্দ্ৰীয় চৰকাৰে বাৰম্বাৰ মিছা কথা কৈ আহিছে ৷ সীমান্তত যিসকল জোৱানে নিজৰ জীৱনৰ লগত বাজি লগাই দেশৰ ৰক্ষা কৰি আহিছে , তেওলোকৰ লগত আমি আছো ৷’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.