সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তুবালুৰ মৰ্মগাঁথা : চাৰিওফালে সাগৰ কিন্তু খাবলৈ এটুপি পানী নাই

এবাৰ চকু মুদি মনত পেলাওক আপোনাৰ গাওখন , আপোনাৰ এৰি অহা ঘৰখনৰ কথা ৷ পৃথিৱীৰ সকলোতকৈ ভাল লগা , আপোনা ঠাই , নিজৰ গাওখনেই নহয় জানো ? কিন্তু লাহে লাহে পৃথিৱীৰ ভূগোলৰ পৰাই যদি অদৃশ্য হৈ পৰে ঘৰখন , গাওখন ! এয়া কল্পনা কৰাটোও এক বিষাদৰ কথা ৷ কিন্তু বিশ্বৰ বহু দ্বীপ ৰাষ্ট্ৰ এতিয়া এনে অভাৱনীয় সংকটৰ সন্মুখীন হৈছে ৷ জলবায়ুৰ ব্যাপক পৰিৱৰ্তনৰ ফলত এই দ্বীপসমূহ ক্ৰমাৎ বসবাসৰ অনুপযোগী হৈ পৰিছে ৷ বিস্তীৰ্ণ সাগৰৰ মাজত থাকিও তাৰ বাসিন্দাসকলে খোৱাপানীৰ বাবে বাট চাবলগীয়া হৈছে বৰষুণলৈ ৷জলবায়ু পৰিৱৰ্তনৰ পোনপটীয়া প্ৰভাৱ পৰিছে এই দ্বীপসমূহত ৷
প্ৰশান্ত মহাসাগৰৰ মাজত থকা তেনে এটা দ্বীপেই হ’ল তুবালু ৷ তুবালু এখন দ্বীপ ৰাষ্ট্ৰ ৷এই দ্বীপ ৰাষ্ট্ৰখনে এতিয়া বিশ্বৰ প্ৰদূষণ সৃষ্টিকাৰী দেশসমূহলৈ কাতৰ আহ্বান জনাইছে যে আপোনালোকে গ্ৰীণহাউচ গেছৰ নিৰ্গমন কমকৈ কৰক আৰু আমাক জীয়াই থাকিবলৈ দিয়ক ৷ এনে কাতৰ মিনতিৰ মাজতে তুবালুয়ে আটাইতকৈ বেয়া দিনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ কাৰণ , সাগৰ পৃষ্ঠ আজিৰ মাত্ৰাত বৃদ্ধি হৈ থাকিলে অতি সোণকালে সমগ্ৰ তুবালু জলমগ্ন হৈ পৰিব৷ ইয়াৰ আগজাননী দি শেহতীয়াকৈ অনুষ্ঠিত COP26 সন্মিলন সাগৰপৃষ্ঠৰ পৰা সম্বোধন কৰিছিল তুবালুৰ বিদেশ মন্ত্ৰী চিমোন কেফে ৷গ্লাছগোত অনুষ্ঠিত COP26 সন্মিলনত বিশ্বৰ প্ৰায় আটাইবোৰ দেশেই অংশগ্ৰহণ কৰিছিল ৷ আলোচনাৰ বিষয় আছিল জলবায়ুৰ পৰিৱৰ্তন ৰোধ কৰা ৷ এই সন্মিলনৰ আটাইতকৈ হৃদয় বিদাৰক দৃশ্যটো আছিল চিমোন কেফে সাগৰ পৃষ্ঠৰ পৰা বিশ্বৰ প্ৰতিনিধিসকলক কৰা সম্বোধন ৷ তেও কৈছিল যে আমি এনেদৰেই এতিয়া ডুবি আছো ৷ আমাৰ দৰে বাকী দ্বীপ ৰাষ্ট্ৰসমূহৰো একেই অৱস্থা হৈছে ৷ কেবাঘন্টা পানীৰ মাজত থিয় হৈ বৈঠকত অংশগ্ৰহণ কৰা চিমোন কেফে লগতে কয় যে তেও যি স্থানত থিয় হৈ আছে , সেয়া এসময়ত শুকান স্থান আছিল ৷ কিন্তু কেইবছৰমানৰ ভিতৰত পানীয়ে সেই ঠাই বুৰাই পেলাইছে ৷ এয়া গভীৰ সংকটৰ আগজাননী ৷ এই সংকট বিশ্বৰ আন আন দেশসমূহতো অতি সোণকালে দেখা যাব বুলিও তেও আশংকা ব্যক্ত কৰে ৷
তুবালু নামৰ এই সৰু দ্বীপ ৰাষ্ট্ৰখন অষ্ট্ৰেলিয়া আৰু হৱাইৰ পৰা প্ৰায় চাৰি হাজাৰ কিলোমিটাৰ দূৰৈত অৱস্থিত ৷ওচৰতে আছে ফিজি , চামোৱা , কিৰিবাতীৰ দৰে আন দেশসমূহ ৷ সমুদ্ৰ পৃষ্ঠৰ পৰা সমান্য উচ্চতাত অৱস্থিত তুবালুৰ মাটি কালি প্ৰায় ২৬ বৰ্গ কিলোমিটাৰ ৷ ১২ হাজাৰ মান লোক এই দ্বীপটোত থাকে ৷ বিগত কিছু বছৰত সমুদ্ৰ পৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত তুবালু এক অভাৱনীয় সংকটৰ সন্মুখীন হৈছে ৷ এহাতে দ্বীপটোৰ বহু ঠাই সাগৰত জাহ গৈছে , আনহাতে সঘন সাগৰীয় ধুমুহাই জনজীৱন বিপৰ্যস্ত কৰি তুলিছে ৷ তাপমান বৃদ্ধি পোৱাৰ ফলত ভূমিভাগত থকা প্ৰবালৰ স্তৰো ক্ষতিগ্ৰস্ত হৈছে ৷ ফলত মাছৰ প্ৰজনন ব্যাহত হৈ পৰিছে ৷ তুবালুৰ জনসাধাৰণ আটাইতকৈ বেছি খোৱা পানীৰ সমস্যাৰ সন্মুখীন হৈছে ৷ খোৱা পানীৰ বাবে ব্যৱহাৰ কৰা কুৱাসমূহত সাগৰীয় পানী সোমাই পৰিছে ৷ যাৰ বাবে সেই পানী খোৱাৰ অনুপযোগী হৈ পৰিছে ৷ এনে পৰিস্থিতিত বৰষুণৰ পানীয়ে তেওলোকৰ একমাত্ৰ সম্বল হৈ পৰিছে ৷ খাৰীয় পানী সোমাই পৰাৰ ফলত সকলো কৃষিভূমি খেতিৰ অনুপযোগী হৈ পৰিছে ৷ ইয়াৰ স্পষ্ট প্ৰভাৱ পৰিছে দ্বীপটোৰ লোকসকলৰ জীৱিকাৰ ওপৰত ৷ ধানকে ধৰি অন্য শস্যৰ উৎপাদন ব্যাহত হৈ পৰাৰ বাবে তুবালু সম্পূৰ্ণৰূপে আমদানি নিৰ্ভৰ দেশ হোৱাৰ পথত আগবাঢ়িছে ৷

তুবালুৰ এই সংকট এদিনতে উদ্ভৱ হোৱা নাই ৷ বিগত ৩০ বছৰ ধৰি বিভিন্ন দ্বীপ ৰাষ্ট্ৰই তেওলোকৰ সংকটৰ বিষয়ে বিশ্ববাসীক অৱগত কৰি আহিছে ৷ ১৯৯০ চনত এন্টিগুৱা , বাৰবুডা আৰু মালদ্বীপে দ্বীপ ৰাষ্ট্ৰসমূহৰ এক জোটবন্ধন গঠন কৰি জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত আন আন দেশক অৱগত কৰি আহিছে ৷ দ্য এলায়েন্স অৱ স্মল আইলেণ্ডত বৰ্তমান মুঠ ৩৯ খন দেশ সদস্য হিচাপে আছে ৷ তেওলোকে উন্নত আৰু উন্নয়নশীল দেশসমূহক প্ৰদূষণ ৰোধ কৰিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে ৷ কিন্তু তেওলোকৰ অনুৰোধলৈ কোনেও সহাৰি নিদিয়াৰ পৰিণতিত দেশকেইখন পৃথিৱীৰ মানচিত্ৰৰ পৰাই বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে ৷ নিজৰ দেশখন নোহোৱা হৈ যোৱাৰ মৰ্মবেদনা কেৱল তাৰ নাগৰিকসকলেহে উপলব্ধি কৰিব পাৰিব ৷ তুবালুবাসীয়ে আসন্ন বিপদৰ উমান পাই এতিয়া আন্ত: ৰাষ্ট্ৰীয় সমুদায়ৰ ওচৰত এটাই আবেদন জনাইছে – তুবালু যদি মানচিত্ৰৰ পৰা নোহোৱাও হৈ যায় , তাৰ পাছতো যেন দেশখনৰ পৰিচয় অক্ষুন্ন ৰাখে ৷ তুবালু চৰকাৰে ফিজিত ভূমি ক্ৰয় কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে ৷ চিমন কোফে অসহায়ভাৱে কয় যে স্থান পৰিৱৰ্তনেই তুবালুৰ অন্তিম উপায় ৷ হয়তো কোনো দেশে আশ্ৰয় দিবলৈ আগবাঢ়ি আহিব আৰু সেই অজুহাততে তেওলোকে গ্ৰীনহাউচ গেছৰ নিৰ্গমন অব্যাহত ৰাখিব ৷ লাহে লাহে সাগৰত ডুব গৈ থকা দেশখনে ভৱিষ্যতৰ আশ্ৰয়স্থলৰ সন্ধান এতিয়াৰ পৰাই আৰম্ভ কৰিছে ৷ এখন দেশৰ নাগৰিকসকলৰ বাবে ইয়াতকৈ দুখৰ কথা কি থাকিব পাৰে যে চকুৰ সন্মুখতে তেওলোকৰ দেশখন পৃথিৱীৰ পৰাই অদৃশ্য হৈ পৰিব ৷

- Donation -

Leave A Reply

Your email address will not be published.