তুবালুৰ মৰ্মগাঁথা : চাৰিওফালে সাগৰ কিন্তু খাবলৈ এটুপি পানী নাই

Share This Article

এবাৰ চকু মুদি মনত পেলাওক আপোনাৰ গাওখন , আপোনাৰ এৰি অহা ঘৰখনৰ কথা ৷ পৃথিৱীৰ সকলোতকৈ ভাল লগা , আপোনা ঠাই , নিজৰ গাওখনেই নহয় জানো ? কিন্তু লাহে লাহে পৃথিৱীৰ ভূগোলৰ পৰাই যদি অদৃশ্য হৈ পৰে ঘৰখন , গাওখন ! এয়া কল্পনা কৰাটোও এক বিষাদৰ কথা ৷ কিন্তু বিশ্বৰ বহু দ্বীপ ৰাষ্ট্ৰ এতিয়া এনে অভাৱনীয় সংকটৰ সন্মুখীন হৈছে ৷ জলবায়ুৰ ব্যাপক পৰিৱৰ্তনৰ ফলত এই দ্বীপসমূহ ক্ৰমাৎ বসবাসৰ অনুপযোগী হৈ পৰিছে ৷ বিস্তীৰ্ণ সাগৰৰ মাজত থাকিও তাৰ বাসিন্দাসকলে খোৱাপানীৰ বাবে বাট চাবলগীয়া হৈছে বৰষুণলৈ ৷জলবায়ু পৰিৱৰ্তনৰ পোনপটীয়া প্ৰভাৱ পৰিছে এই দ্বীপসমূহত ৷
প্ৰশান্ত মহাসাগৰৰ মাজত থকা তেনে এটা দ্বীপেই হ’ল তুবালু ৷ তুবালু এখন দ্বীপ ৰাষ্ট্ৰ ৷এই দ্বীপ ৰাষ্ট্ৰখনে এতিয়া বিশ্বৰ প্ৰদূষণ সৃষ্টিকাৰী দেশসমূহলৈ কাতৰ আহ্বান জনাইছে যে আপোনালোকে গ্ৰীণহাউচ গেছৰ নিৰ্গমন কমকৈ কৰক আৰু আমাক জীয়াই থাকিবলৈ দিয়ক ৷ এনে কাতৰ মিনতিৰ মাজতে তুবালুয়ে আটাইতকৈ বেয়া দিনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ কাৰণ , সাগৰ পৃষ্ঠ আজিৰ মাত্ৰাত বৃদ্ধি হৈ থাকিলে অতি সোণকালে সমগ্ৰ তুবালু জলমগ্ন হৈ পৰিব৷ ইয়াৰ আগজাননী দি শেহতীয়াকৈ অনুষ্ঠিত COP26 সন্মিলন সাগৰপৃষ্ঠৰ পৰা সম্বোধন কৰিছিল তুবালুৰ বিদেশ মন্ত্ৰী চিমোন কেফে ৷গ্লাছগোত অনুষ্ঠিত COP26 সন্মিলনত বিশ্বৰ প্ৰায় আটাইবোৰ দেশেই অংশগ্ৰহণ কৰিছিল ৷ আলোচনাৰ বিষয় আছিল জলবায়ুৰ পৰিৱৰ্তন ৰোধ কৰা ৷ এই সন্মিলনৰ আটাইতকৈ হৃদয় বিদাৰক দৃশ্যটো আছিল চিমোন কেফে সাগৰ পৃষ্ঠৰ পৰা বিশ্বৰ প্ৰতিনিধিসকলক কৰা সম্বোধন ৷ তেও কৈছিল যে আমি এনেদৰেই এতিয়া ডুবি আছো ৷ আমাৰ দৰে বাকী দ্বীপ ৰাষ্ট্ৰসমূহৰো একেই অৱস্থা হৈছে ৷ কেবাঘন্টা পানীৰ মাজত থিয় হৈ বৈঠকত অংশগ্ৰহণ কৰা চিমোন কেফে লগতে কয় যে তেও যি স্থানত থিয় হৈ আছে , সেয়া এসময়ত শুকান স্থান আছিল ৷ কিন্তু কেইবছৰমানৰ ভিতৰত পানীয়ে সেই ঠাই বুৰাই পেলাইছে ৷ এয়া গভীৰ সংকটৰ আগজাননী ৷ এই সংকট বিশ্বৰ আন আন দেশসমূহতো অতি সোণকালে দেখা যাব বুলিও তেও আশংকা ব্যক্ত কৰে ৷
তুবালু নামৰ এই সৰু দ্বীপ ৰাষ্ট্ৰখন অষ্ট্ৰেলিয়া আৰু হৱাইৰ পৰা প্ৰায় চাৰি হাজাৰ কিলোমিটাৰ দূৰৈত অৱস্থিত ৷ওচৰতে আছে ফিজি , চামোৱা , কিৰিবাতীৰ দৰে আন দেশসমূহ ৷ সমুদ্ৰ পৃষ্ঠৰ পৰা সমান্য উচ্চতাত অৱস্থিত তুবালুৰ মাটি কালি প্ৰায় ২৬ বৰ্গ কিলোমিটাৰ ৷ ১২ হাজাৰ মান লোক এই দ্বীপটোত থাকে ৷ বিগত কিছু বছৰত সমুদ্ৰ পৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত তুবালু এক অভাৱনীয় সংকটৰ সন্মুখীন হৈছে ৷ এহাতে দ্বীপটোৰ বহু ঠাই সাগৰত জাহ গৈছে , আনহাতে সঘন সাগৰীয় ধুমুহাই জনজীৱন বিপৰ্যস্ত কৰি তুলিছে ৷ তাপমান বৃদ্ধি পোৱাৰ ফলত ভূমিভাগত থকা প্ৰবালৰ স্তৰো ক্ষতিগ্ৰস্ত হৈছে ৷ ফলত মাছৰ প্ৰজনন ব্যাহত হৈ পৰিছে ৷ তুবালুৰ জনসাধাৰণ আটাইতকৈ বেছি খোৱা পানীৰ সমস্যাৰ সন্মুখীন হৈছে ৷ খোৱা পানীৰ বাবে ব্যৱহাৰ কৰা কুৱাসমূহত সাগৰীয় পানী সোমাই পৰিছে ৷ যাৰ বাবে সেই পানী খোৱাৰ অনুপযোগী হৈ পৰিছে ৷ এনে পৰিস্থিতিত বৰষুণৰ পানীয়ে তেওলোকৰ একমাত্ৰ সম্বল হৈ পৰিছে ৷ খাৰীয় পানী সোমাই পৰাৰ ফলত সকলো কৃষিভূমি খেতিৰ অনুপযোগী হৈ পৰিছে ৷ ইয়াৰ স্পষ্ট প্ৰভাৱ পৰিছে দ্বীপটোৰ লোকসকলৰ জীৱিকাৰ ওপৰত ৷ ধানকে ধৰি অন্য শস্যৰ উৎপাদন ব্যাহত হৈ পৰাৰ বাবে তুবালু সম্পূৰ্ণৰূপে আমদানি নিৰ্ভৰ দেশ হোৱাৰ পথত আগবাঢ়িছে ৷

তুবালুৰ এই সংকট এদিনতে উদ্ভৱ হোৱা নাই ৷ বিগত ৩০ বছৰ ধৰি বিভিন্ন দ্বীপ ৰাষ্ট্ৰই তেওলোকৰ সংকটৰ বিষয়ে বিশ্ববাসীক অৱগত কৰি আহিছে ৷ ১৯৯০ চনত এন্টিগুৱা , বাৰবুডা আৰু মালদ্বীপে দ্বীপ ৰাষ্ট্ৰসমূহৰ এক জোটবন্ধন গঠন কৰি জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত আন আন দেশক অৱগত কৰি আহিছে ৷ দ্য এলায়েন্স অৱ স্মল আইলেণ্ডত বৰ্তমান মুঠ ৩৯ খন দেশ সদস্য হিচাপে আছে ৷ তেওলোকে উন্নত আৰু উন্নয়নশীল দেশসমূহক প্ৰদূষণ ৰোধ কৰিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে ৷ কিন্তু তেওলোকৰ অনুৰোধলৈ কোনেও সহাৰি নিদিয়াৰ পৰিণতিত দেশকেইখন পৃথিৱীৰ মানচিত্ৰৰ পৰাই বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে ৷ নিজৰ দেশখন নোহোৱা হৈ যোৱাৰ মৰ্মবেদনা কেৱল তাৰ নাগৰিকসকলেহে উপলব্ধি কৰিব পাৰিব ৷ তুবালুবাসীয়ে আসন্ন বিপদৰ উমান পাই এতিয়া আন্ত: ৰাষ্ট্ৰীয় সমুদায়ৰ ওচৰত এটাই আবেদন জনাইছে – তুবালু যদি মানচিত্ৰৰ পৰা নোহোৱাও হৈ যায় , তাৰ পাছতো যেন দেশখনৰ পৰিচয় অক্ষুন্ন ৰাখে ৷ তুবালু চৰকাৰে ফিজিত ভূমি ক্ৰয় কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে ৷ চিমন কোফে অসহায়ভাৱে কয় যে স্থান পৰিৱৰ্তনেই তুবালুৰ অন্তিম উপায় ৷ হয়তো কোনো দেশে আশ্ৰয় দিবলৈ আগবাঢ়ি আহিব আৰু সেই অজুহাততে তেওলোকে গ্ৰীনহাউচ গেছৰ নিৰ্গমন অব্যাহত ৰাখিব ৷ লাহে লাহে সাগৰত ডুব গৈ থকা দেশখনে ভৱিষ্যতৰ আশ্ৰয়স্থলৰ সন্ধান এতিয়াৰ পৰাই আৰম্ভ কৰিছে ৷ এখন দেশৰ নাগৰিকসকলৰ বাবে ইয়াতকৈ দুখৰ কথা কি থাকিব পাৰে যে চকুৰ সন্মুখতে তেওলোকৰ দেশখন পৃথিৱীৰ পৰাই অদৃশ্য হৈ পৰিব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.