ৰুছ সেনাক প্ৰতিহত কৰিবলৈ ৰাজপথত জনতা

Share This Article

ৰাছিয়ান সেনাই ইউক্ৰেইনৰ কেবাটাও অঞ্চল ইতিমধ্যে নিজৰ দখললৈ নিছে ৷ ৰাজধানী কিয়েভৰ পৰা আহিছে ধাৰাবাহিক বিস্ফোৰণৰ খবৰ ৷ তাৰ মাজতে ইউক্ৰেইনে দাবী কৰিছে যে ৰুছ সেনাক প্ৰতিহত কৰিবলৈ দেশখনৰ বৃহৎ সংখ্যক জনতা ৰাজপথত নামি পৰিছে ৷ ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই এখন ফটো টুইট কৰি দাবী কৰিছে যে জনতাই ৰাজপথত নামি ৰুছ সেনাৰ পথ ভেটি ধৰিছে ৷তেও লগতে ইউক্ৰেইনৰ ওপৰত চলি থকা আকাশ মাৰ্গৰ আক্ৰমণ ৰুধিবলৈ সহযোগী দেশসমূহৰ পৰা সহায় বিচাৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.