তালিবানৰ চৰকাৰ গঠন অনুষ্ঠানলৈ নিমন্ত্ৰণ পাবনে ভাৰতে ?

Share This Article

শীঘ্ৰে আফগানিস্তানত তালিবানে গঠন কৰিব নতুন চৰকাৰ ৷ কিন্তু নতুন চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰা অনুষ্ঠানলৈ নিমন্ত্ৰণ নাপায় ভাৰতে ৷ নতুন চৰকাৰ গঠন অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ’ব পাকিস্তান , চীন , ৰাছিয়া , কাটাৰ , তুৰষ্ক আৰু ইৰানৰ প্ৰতিনিধিক ৷ এই কথা প্ৰকাশ কৰিছে তালিবানৰ মুখপাত্ৰ জবিৰুল্লা মুজাহিদে ৷

সোমবাৰে জবিৰুল্লাই কয়-‘আফগানিস্তানৰ শেষ প্ৰদেশ পঞ্জশিৰ এতিয়া আমাৰ দখলত ৷ সম্পূৰ্ণ আফগানিস্তান তালিবানে দখল কৰিছে ৷’

তাৰ পাছতে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে তালিবান ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.