সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এইবাৰ ভাৰতত ‘খিলাফত’ প্ৰতিষ্ঠাৰ লক্ষ্য আইছিছৰ

কাবুলৰ ভয়ংকৰ বিস্ফোৰণ সংঘটিত কৰা ইছলামিক সন্ত্ৰাসবাদী সংগঠনে এতিয়া চকু দিছে ভাৰতত ৷ এই দেশতো তেওলোকে ‘খিলাফত’ প্ৰতিষ্ঠা কৰিব বিচাৰে ৷চোৰাংছোৱা সংস্থাৰ উদ্ধৃতিৰে সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এই ভয়ংকৰ তথ্য ৷
বাতৰি অনুসৰি , ভাৰতসহ সমগ্ৰ মধ্য এছিয়াত সংগঠন বিস্তাৰৰ লক্ষ্য লৈছে আইছিছ –খুৰাছান গোটে৷ তেওলোকে মূল লক্ষ্যই হৈছে ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা আৰু মুছলমান যুৱকসকলক জিহাদৰ প্ৰতি আকৰ্ষিত কৰা ৷ ভাৰতত ইতিমধ্যে সেই কাম কৰা আৰম্ভ কৰিছে আইছিছ –খুৰাছানে ৷
চোৰাংছোৱা সংস্থাৰ মতে মুম্বাই আৰু কেৰালাৰ বহু তৰুণ আইছিছ –খুৰাছানৰ লগত জড়িত হৈ পৰিছে ৷ তেওলোকে ভাৰতত সংগঠনটোৰ শাখা স্থাপনৰ প্ৰস্তুতি চলাই আছে ৷আদৰ্শগতভাৱে ভাৰতত ‘খিলাফত’ প্ৰতিষ্ঠাই হৈছে ইয়াৰ মূল লক্ষ্য ৷
আফগানিস্তানৰ পৰা আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰাৰ পাছতে বহু সন্ত্ৰাসবাদী সংগঠনৰ নতুন ঘাটি হৈ পৰিছে আফগানিস্তান ৷ জইছ – ই – মহম্মদ , লস্কৰ – ই- তৈবাৰ দৰে সংগঠন আকৌ সক্ৰিয় হৈ উঠিছে ৷ তাৰ মাজত আইছিছ – কুৰাছানৰ সক্ৰিয়তাৰ তথ্যই টোপনি হৰিছে ভাৰতীয় চোৰাংছোৱাৰ ৷

Leave A Reply

Your email address will not be published.