আফগানিস্তানত আৱদ্ধ পৰিয়াল : ইংলেণ্ডত ক্ৰিকেটাৰ ৰছিদ খানৰ ধুমুহা

Share This Article

আফগানিস্তানত আৱদ্ধ হৈ আছে ক্ৰিকেটাৰ ৰছিদ খানৰ পৰিয়াল ৷ দেশ এৰি পলাব বিচৰা হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে  কাবুলৰ বিমান – বন্দৰত ৷  দেশৰ কথা ভাবি চিন্তিত হৈ পৰিছে দেশৰ পৰা আঁতৰত  থকা আফগান নাগৰিকসকল ৷ কিন্তু তেনে এক মানসিক ভাৱে প্ৰতিকূল অৱস্থাতো জিলিকি উঠিছে আফগানিস্তানৰ ক্ৰিকেটাৰ ৰছিদ খান ৷ জন্মভূমিৰ পৰা ৮ হাজাৰ কিলোমিটাৰ দূৰৈত ইংলেণ্ডৰ ‘দ্য হানদ্ৰেড’ টুৰ্ণামেন্টত ‘ট্ৰেন্ট ৰকেটছ ‘ দলৰ হৈ খেলি আছে ৰছিদ খানে ৷ সেই সময়তে দেওবাৰে তালিবানে দখল কৰে আফগানিস্তানৰ ক্ষমতা ৷ পৰিয়াল এতিয়াও দেশতে আৱদ্ধ ৷ কিন্তু দেওবাবে নিশাই অসাধাৰণ প্ৰদৰ্শনেৰে নিজ দলক বিজয়ৰ সোৱাদ দিবলৈ সক্ষম হ’ল ৰছিদ খান ৷

প্ৰতিপক্ষ ‘মানচেষ্টাৰ অৰিজিনেলছ’য়ে ৪০ টা বলত এটা উইকেট হেৰুৱাই ৭০ ৰাণত বেটিঙ কৰি আছিল ৷ তেনে সময়ত বলিঙ কৰিবলৈ আে ৰছিদ খান ৷ মাত্ৰ ২০ টা বলত ১৬ ৰাণ দি ৩ টা উইকেট দখল কৰে তেও ৷ ফলত  ‘মানচেষ্টাৰ অৰিজিনেলছ’ৰ বেটিঙ লাইন কম সময়ৰ ভিতৰতে ধূলিস্যাৎ হৈ যায় আৰু সহজ বিজয় সাব্যস্ত কৰে ‘ট্ৰেন্ট ৰকেটছ ‘ দলে ৷

ইংলেণ্ডৰ প্ৰাক্তন বেটছমেন কেভন পিটাৰছনে সংবাদ মাধ্যমৰ আগত কৈছে ,’তেওৰ লগত বহুত কথা পতা হৈছে ৷ প্ৰচণ্ড চিন্তাত আছে ৷ মূৰত অনেক কথাই পাকঘূৰণি খাইছে ৷পৰিয়াল আৱদ্ধ হৈ আছে আফগানিস্তানত ৷ তাৰ পাছতো এনে পাৰফৰমেন্স কেৱল ৰছিদ খানৰ বাবেই সম্ভৱ ৷’

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.