২০০১ চনৰ আজিৰ দিনটোতেই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী লাডেনে কি দৰে ধ্বংস কৰিছিল ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ?

Share This Article

আমেৰিকা যুক্তৰাষ্ট্ৰ। পৃথিৱীৰ আটাইতকৈ শক্তিশালী এখন দেশ। শক্তিশালী অৰ্থনৈতিক আন্তঃগাঁঠনিৰ লগতে শক্তিশালী এই দেশৰ প্ৰশাসনিক তথা সামৰিক ব্যৱস্থা। কিন্তু ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাৰ এই অহংকাৰ চূৰমাৰ হৈ গৈছিল। একেলগে চাৰিটা বিশেষ স্হানত সন্ত্ৰাসবাদীৰ আক্ৰমণে নিমিষতে চুৰমাৰ কৰি দিছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু প্ৰাণ কাঢ়ি নিছিল হাজাৰৰো অধিক লোকৰ। দিনটো আছিল ১১ ছেপ্টেম্বৰ,মঙলবাৰ। সেইদিনা অকস্মাত ৮বাজি ৪৫ মিনিটত এখন ২০হাজাৰ গেলন ইন্ধন থকা আমেৰিকান বিমান বয়িং 767-নে তীব্ৰ গতিত আহি নিউয়ৰ্ক স্থিত ৱৰ্ল্ড ট্ৰেড চেন্টাৰত খুন্দা মাৰে। কিছুক্ষণ পাছতে জ্বলি উঠিছিল ৱৰ্ল্ড ট্ৰেড চেন্টাৰ।১১০ মহলীয়া প্ৰথম টাৱাৰটোৰ ৮০ নম্বৰ মহলাত এক বৃহৎ ফুটা পৰিলক্ষিত হৈছিল। থিতাতে মৃত্যু হৈছিল ১০০ৰো অধিক লোকৰ। এই আক্ৰমণৰ ঠিক ১৮ মিনিট পাছতেই দ্বিতীয়খন বিমান flight 175ক আকাশত দেখা গৈছিল। বিমান খনে ক্ষিপ্ৰতাৰে গতি কৰিছিল দ্বিতীয়টো টাৱাৰৰ ফালে।কিন্তু চকুৰ পচাৰতে ৱৰ্ল্ড ট্ৰেড চেন্টাৰৰ দক্ষিণ টাৱাৰৰ ওচৰত গৈ নিয়ন্ত্ৰণ হেৰুৱাই তললৈ গতি কৰিছিল এই বিমান খনে।এই ঘটনাৰ প্ৰায় এঘণ্টা পাছত ৯.৪৫ মিনিটত পেণ্টাগণ মিলিটাৰী হেডকোৱাৰ্টাৰত আমেৰিকান বিমান flight 77 ত আক্ৰমণ কৰিছিল সন্ত্ৰাসবাদীয়ে। পেন্টগণৰ এই আক্ৰমণত ১২৫ গৰাকী মিলিটাৰী বিষয়াৰ লগতে সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল। ইয়াৰ পাছতে আমেৰিকাৰ নিউ জাৰ্চীৰ Newyork Liberty International বিমানবন্দৰৰ পৰা উৰা মৰা বিমান united flight 93ক ৪০ মিনিট পাছত হাইজেক কৰা হৈছিল। এই বিমানখন ১০.১০ মিনিটত পেঞ্চিলভেনিয়াৰ এখন খেতি পথাৰত দুর্ঘটনাত পতিত হৈছিল। বিমানখনত উপস্থিত ৪ গৰাকী সন্ত্ৰাসবাদীৰ সৈতে ৪০ গৰাকী যাত্ৰীও থিতাতে নিহত হৈছিল আৰু আমেৰিকাৰ বাবে শোকৰ দিন হিচাপে পৰিচিত আজিৰ দিনটোৱেই বিশ্ব ইতিহাসত ৯/১১ হিচাপে জনাজাত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.