এইবাৰ কুৱেইটৰ সংসদত অসমৰ গৰুখুটিঁৰ উচ্ছেদৰ প্ৰসংগঃ কিন্তু কিয়?

Share This Article

ৰাজ্যৰ গৰুখুটিঁৰ উচ্ছেদক লৈ এতিয়াও মাৰ যোৱা নাই উত্তেজনা। হিংসাত্মক উচ্ছেদে জোকাৰি গৈছিল সমগ্ৰ দেশ। ইয়াৰ মাজতে অসমৰ উচ্ছেদক লৈ মহাৰাষ্ট্ৰত প্ৰতিবাদ চলি থকাৰ মাজতে কুৱেইটৰ সংসদত উত্থাপন হৈছে গৰুখুটিঁৰ উচ্ছেদ প্ৰসংগ। ভাৰতত মুছলমানৰ ওপৰত অত্যাচাৰ বৃদ্ধি হৈছে বুলি দাবী কৰিছে কুৱেইটৰ বহু জনপ্ৰতিনিধিয়ে। এই বিষয়টোক লৈ ভাৰত চৰকাৰক নিন্দা কৰিছে কুৱেইট প্ৰশাসনে। ভাৰতীয় মুছলমান সকলৰ নিৰাপত্তাৰ বাবে সকলোকে একত্ৰিত হোৱাৰ আহ্বান জনাইছে কুৱেইটে। এক যুটীয়া বিবৃতি যোগে এই কথা ৰাজহুৱা কৰিছে কুৱেইটৰ জনপ্ৰতিনিধিয়ে। কুৱেইটৰ সাংসদ শ্বুব-আল-মুৱাইজৰীয়ে ভাৰতীয় সামগ্ৰী বৰ্জন কৰাৰ আহ্বান জনাইছে। এনেদৰেই এতিয়া গৰুখুটিঁৰ উচ্ছেদে প্ৰভাৱিত কৰিছে পাকিস্তান কিম্বা কুৱেইটৰ দৰে মুছলমান অধ্যুষিত দেশ সমূহ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.