লক্ষীৰাম বৰা আৰু মদন দাস সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ সামৰণি

Share This Article

বিগত ২ অক্টোবৰৰ পৰা নগাঁৱৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা লক্ষীৰাম বৰা আৰু মদন দাস সোঁৱৰণি প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি পৰে । পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত চকলাঘাট ফুটবল ক্লাবে কাছমাৰীৰ মেজাংকৰি ফুটবল ক্লাবক ২-০ গ’লত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে । ক্ৰীড়া সংগঠক সমীৰ হাজৰিকাই উদ্বোধন কৰা ফাইনেল খেলখন পৰিচালনা কৰে ক্ৰমে বিপ্লৱ কোঁৱৰ, বিষ্ণু বৰদলৈ, সমীৰ বৰদলৈ আৰু কণ্টিৰাম ৰাজাই । চকলাঘাট ফুটবল ক্লাবৰ হৈ দুই নাইজেৰিয়ান খেলুৱৈয়ে দুভৰিৰ যাদু প্ৰদৰ্শন কৰা চূড়ান্ত খেলখন সহস্ৰাধিক ক্ৰীড়াপ্ৰেমীয়ে উপভোগ কৰে । খেলৰ শেষত স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত বঁটাসমূহ বিতৰণ কৰা হয় ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.