সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লক্ষীৰাম বৰা আৰু মদন দাস সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ সামৰণি

বিগত ২ অক্টোবৰৰ পৰা নগাঁৱৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা লক্ষীৰাম বৰা আৰু মদন দাস সোঁৱৰণি প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি পৰে । পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত চকলাঘাট ফুটবল ক্লাবে কাছমাৰীৰ মেজাংকৰি ফুটবল ক্লাবক ২-০ গ’লত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে । ক্ৰীড়া সংগঠক সমীৰ হাজৰিকাই উদ্বোধন কৰা ফাইনেল খেলখন পৰিচালনা কৰে ক্ৰমে বিপ্লৱ কোঁৱৰ, বিষ্ণু বৰদলৈ, সমীৰ বৰদলৈ আৰু কণ্টিৰাম ৰাজাই । চকলাঘাট ফুটবল ক্লাবৰ হৈ দুই নাইজেৰিয়ান খেলুৱৈয়ে দুভৰিৰ যাদু প্ৰদৰ্শন কৰা চূড়ান্ত খেলখন সহস্ৰাধিক ক্ৰীড়াপ্ৰেমীয়ে উপভোগ কৰে । খেলৰ শেষত স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত বঁটাসমূহ বিতৰণ কৰা হয় ।

Leave A Reply

Your email address will not be published.