সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

EXCLUSIVE : গুৱাহাটী এৰাৰ পূৰ্বে শপতনামাত কি লিখিলে একনাথ সিন্দে আৰু শিৱসেনাৰ বিদ্ৰোহী বিধায়কে

অস্তিত্বৰ সংকটত শিৱসেনা ৷ উচ্চতম ন্যায়ালয়ে  বৃহস্পতিবাৰৰ আস্থাভোটৰ বাবে সেউজ সংকেত দিয়াৰ পাছতেই  মুখ্যমন্ত্ৰীৰ চকী এৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৷ ইয়াৰ লগে লগে মহা বিকাশ আগাধী অৰ্থাৎ শিৱসেনা – এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোঁট চৰকাৰৰ পতন ঘটিল ৷মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে বিসম্বাদী গোটৰ নেতা একনাথ সিন্দে ৷ বিজেপিৰ সমৰ্থনত তেওঁ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসন দখল কৰিলে ৷  কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল শিৱসেনাৰ বিসম্বাদী বিধায়কসকলে  বিগত প্ৰায় এসপ্তাহ ধৰি বাহৰ  পাতি আছিল গুৱাহাটীৰ পঞ্চতাৰকাযুক্ত হোটেল ৰেডিশ্যন ব্লুত ৷ তাৰ পৰাই প্ৰস্তুত কৰা হৈছিল আইনী যুঁজৰ আখৰা ৷ ইয়াৰ বাবে গুৱাহাটীত বিসম্বাদী শিৱসেনা গোটৰ নেতা একনাথ সিন্দেসহ আন আন বিধায়কসকলে চহী কৰিছিল শপতনামাত ৷গুৱাহাটী এৰাৰ পূৰ্বে একনাথ সিন্দে চহী কৰা আইনী শপতনামাৰ প্ৰতিলিপি আহি পৰিছে কেৱল ‘দ্য ক্ৰছকাৰেন্ট’ৰ হাতত ৷

একনাথ সিন্দেৰ শপতনামা

- Donation -

তাৰ লগতে শিৱসেনাৰ আন এগৰাকী বিসম্বাদী বিধায়ক দীপক বসন্তৰাও কেৰচৰকাৰে চহী কৰা এখন শপতনামাও আহি পৰিছে ‘দ্য ক্ৰছকাৰেন্ট’ৰ হাতত ৷ য’ত তেও উল্লেখ কৰিছে যে যোৱা ২১ জুন তাৰিখে শিৱসেনাৰ অল্পসংখ্যক বিধায়কে গ্ৰহণ কৰা এটা প্ৰস্তাৱত চহী কৰিছিল ৷ এই প্ৰস্তাৱত একনাথ সিন্দেৰ ঠাইত অজয় চৌধুৰীক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হৈছিল ৷ কিন্তু সেয়া তেও প্ৰত্যাহাৰ কৰিছে ৷

অজয় চৌধাৰীক বিধায়িনী দলৰ নেতা হিচাপে দিয়া সমৰ্থন প্ৰত্যাহাৰ দীপক বসন্তৰাওৰ

লগতে এইবুলিও উল্লেখ কৰিছে যে ২৩  জুনত গুৱাহাটীলৈ অহা সিদ্ধান্ত তেওৰ নিজা আৰু তাত কোনেও প্ৰভাৱিত কৰা নাই ৷ লগতে ২৩ জুনৰ গুৱাহাটীৰ বৈঠকত  দীপক কেৰচৰকাৰে নিজে একনাথ সিন্দেক শিৱসেনাৰ বিধায়িনী দলৰ নেতা হিচাপে স্বীকৃতি দি স্বাক্ষৰ কৰাৰ কথা উল্লেখ কৰে ৷ তদুপৰি , ভৰত গোগাৱোলেক শিৱসেনাৰ চীফ হুইপ হিচাপে সমৰ্থন কৰাৰ কথাও বিসম্বাদী বিধায়কগৰাকীয়ে শপতনামাত উল্লেখ কৰে ৷

আকৌ গুৱাহাটীত একনাথ সিন্দেক সমৰ্থন দীপক বসন্তৰাওৰ

 

ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে গুৱাহাটীৰ হোটেলত একনাথ সিন্দে গোটৰ আইনী প্ৰক্ৰিয়াও সম্পন্ন কৰা হৈছিল ৷ তেওঁলোকৰ শপনতনামাৰ এই নথি কেৱল দ্য ক্ৰছকাৰেন্টে লাভ কৰিবলৈ সক্ষম হৈছে ৷

Leave A Reply

Your email address will not be published.