এইবাৰ চীনেও ৰচিছে আক্ৰমণৰ পৰিকল্পনা

Share This Article

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতেই চীনে গ্ৰহণ কৰিছে এক নতুন পৰিকল্পনা ৷ বৃহস্পতিবাৰে টাইৱানৰ আকশত দেখা যায় চীনৰ ৯ খনকৈ যুঁজাৰু বিমান ৷ এইদৰে এটা মাহত চীনে ১২ বাৰ টাইৱানত প্ৰৱেশৰ চেষ্টা চলাইছে ৷
ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পূৰ্বে চীন ভ্ৰমণ কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ৷ এই ভ্ৰমণৰ পাছতেই ৰাছিয়া আৰু চীনে প্ৰকাশ কৰিছিল এক যুটীয়া বিবৃতি ৷ য’ত চীনৰ টাইৱান সম্পৰ্কীয় নীতিক সমৰ্থন দিছিল ৰাছিয়াই ৷ ইয়াৰ বাহিৰেও ৰাছিয়া –ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছতেই চীনে সংবাদমাধ্যমৰ ওপৰত চেঞ্চৰশ্বিপ জাৰি কৰিছে ৷ চীনে ৰাছিয়াৰ প্ৰতি নৈতিক সমৰ্থন আগবঢ়াই যোৱাৰ নীতিও গ্ৰহণ কৰিছে ৷ সেইবাবেই চীনে শীঘ্ৰে টাইৱান আক্ৰমণ কৰাৰ আশংকা ঘণীভূত হৈছে ৷

শত্ৰুৰ শত্ৰু বন্ধু ৷ এই নীতিকে সৰোগত কৰি চীন আৰু ৰাছিয়া পৰস্পৰৰ ওচৰ চাপিছে ৷ আমেৰিকাৰ প্ৰভাৱ হ্ৰাস কৰিবলৈকে দুয়োখন দেশে উমৈহতীয়া স্থিতি গ্ৰহণ কৰাৰ সম্ভাৱণা প্ৰকট হৈ উঠিছে ৷
উল্লেখ্য যে ১৯৪৯ চনৰ আগলৈকে টাইৱান চীনৰে অংশ আছিল ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.