সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এইবাৰ চীনেও ৰচিছে আক্ৰমণৰ পৰিকল্পনা

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতেই চীনে গ্ৰহণ কৰিছে এক নতুন পৰিকল্পনা ৷ বৃহস্পতিবাৰে টাইৱানৰ আকশত দেখা যায় চীনৰ ৯ খনকৈ যুঁজাৰু বিমান ৷ এইদৰে এটা মাহত চীনে ১২ বাৰ টাইৱানত প্ৰৱেশৰ চেষ্টা চলাইছে ৷
ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পূৰ্বে চীন ভ্ৰমণ কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ৷ এই ভ্ৰমণৰ পাছতেই ৰাছিয়া আৰু চীনে প্ৰকাশ কৰিছিল এক যুটীয়া বিবৃতি ৷ য’ত চীনৰ টাইৱান সম্পৰ্কীয় নীতিক সমৰ্থন দিছিল ৰাছিয়াই ৷ ইয়াৰ বাহিৰেও ৰাছিয়া –ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছতেই চীনে সংবাদমাধ্যমৰ ওপৰত চেঞ্চৰশ্বিপ জাৰি কৰিছে ৷ চীনে ৰাছিয়াৰ প্ৰতি নৈতিক সমৰ্থন আগবঢ়াই যোৱাৰ নীতিও গ্ৰহণ কৰিছে ৷ সেইবাবেই চীনে শীঘ্ৰে টাইৱান আক্ৰমণ কৰাৰ আশংকা ঘণীভূত হৈছে ৷

শত্ৰুৰ শত্ৰু বন্ধু ৷ এই নীতিকে সৰোগত কৰি চীন আৰু ৰাছিয়া পৰস্পৰৰ ওচৰ চাপিছে ৷ আমেৰিকাৰ প্ৰভাৱ হ্ৰাস কৰিবলৈকে দুয়োখন দেশে উমৈহতীয়া স্থিতি গ্ৰহণ কৰাৰ সম্ভাৱণা প্ৰকট হৈ উঠিছে ৷
উল্লেখ্য যে ১৯৪৯ চনৰ আগলৈকে টাইৱান চীনৰে অংশ আছিল ?

- Donation -

Leave A Reply

Your email address will not be published.