Category বিশ্ব

লাডাখ সীমান্তত আজি ভাৰত-চীনৰ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা

আজি লাডাখ সীমান্তৰ মলদ’ নামৰ স্থানত ভাৰত-চীনৰ মাজত কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা আৰম্ভ হৈছে। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই আলোচনাত দুয়োখন দেশে সীমান্তৰ উত্তেজনা শান্ত কৰা আৰু সীমান্তৰ পৰা সৈন্য বাহিনী আঁতৰোৱাৰ সন্দৰ্ভত আলোচনা কৰিব। জানিব পৰা মতে আজিৰ…

ঈদৰ দিনা হোলী খেলা এখন ইছলামিক দেশ

সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মালম্বী লোকসকলে আজি উদযাপন কৰিলে কুৰবানী ঈদ ৷ কিন্তু ৯৯ শতাংশ ইছলাম ধৰ্মালম্বী লোকৰ এখন দেশে এক ব্যতিক্ৰম পদ্ধতিৰে উদযাপন কৰে আজিৰ দিনটো ৷ ঈদৰ দিনটোত কুৰবানীৰ সলনি উদযাপন কৰা হয় ৰঙৰ উৎসৱ ৷ ঠিক হোলীৰ নিচিনাকৈ…

ক’ৰোনা পৰিস্থিতিত ৩৩,১৫৫ জন কাৰাবন্দীক জামিনত মুকলি

বাংলাদেশত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ জে’লত বন্দীসকলৰ মাজতো সংক্ৰমণৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৬০হাজাৰ ৩৮৯ টা গোচৰৰ নিষ্পত্তি কৰিছে দেশখনৰ আদালতে। সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই বাংলাদেশ চৰকাৰে ৩৩হাজাৰ ১৫৫ জন বিচাৰাধীন বন্দীৰ জামিন…

হঠাতে সুৰ সলালে বিশ্ব স্বাস্থ্য সংস্থাই

সমগ্ৰ বিশ্বতে ক’ৰোনাৰ ত্ৰাসৰ সময়ত হাইড্ৰ’ক্সিক্ল’ৰ’কুইনে সৃষ্টি কৰিছে বহু বিতৰ্কৰ। ড’নাল্ড ট্ৰাম্পেও দিছিল কেতবোৰ মন্তব্য। আনকি তেওঁ নিজে হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ ব্যৱহাৰ কৰিছিল বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই অৱশ্যে তেতিয়া এই ঔষধ অতি মাৰাত্মক বুলি আখ্যা দিছিল আৰু কৈছিল…

ভাৰতক লৈ ট্ৰাম্পে জনোৱা আন্তঃৰাষ্ট্ৰীয় আহ্বানে সৃষ্টি কৰিছে চীনৰ মূৰৰ কামোৰণি

জি-৭ গোষ্ঠীত ভাৰতৰ নাম অন্তৰ্ভুক্তি সন্দৰ্ভত এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান ট্ৰাম্পে ভাৰতসহ দক্ষিণ কোৰিয়া, অষ্ট্ৰলিয়া আৰু ৰাছিয়াক জি-৭ত অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন কৰিছে। যদিহে দেশসমূহ অন্তৰ্ভুক্ত হয়, তেন্তে জি-৭ৰ পৰা জি-১১ হোৱাৰ সম্ভাৱনা আছে। আমেৰিকা, কানাডা, ব্ৰিটেইন,…

এফালৰ পৰা জ্বলিছে আমেৰিকা

জ্বলিছে , আমেৰিকা জ্বলিছে ৷ সভ্যতাক লজ্জিত কৰি তোলা এক ঘটনাৰ বাবেই আমেৰিকাৰ ৰাজপথত জ্বলিছে ক্ষোভৰ জুই ৷ বিগত চাৰিদিন ধৰি আমেৰিকাৰ  পৰিস্থিতি উত্তপ্ত ৷দেশখনৰ মিনিয়াপলিচ চহৰত এগৰাকী কৃষ্ণাংগ লোকক শ্বেতবৰ্ণ আমেৰিকান পুলিচ অফিচাৰে হত্যা কৰা কেন্দ্ৰ কৰি সমগ্ৰ আমেৰিকাত বিক্ষোভৰ…

আমেৰিকাত ক’ৰোনাত মৃত্যু ১ লক্ষাধিকৰ

আমেৰিকাত ক’ৰোনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যাই ১ লাখৰ সীমা অতিক্ৰম কৰিছে ৷ যোৱা ২১ জানুৱাৰীত দেশখনৰ ৱাশ্বিঙটনত প্ৰথমটো ক’ৰোনা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল ৷ তাৰ পাছত আজিৰ দিনটোলৈ আমেৰিকাৰ ১৬.৯ লাখ লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ১,০০,২৭৬ লোকৰ মৃত্যু হৈছে…

ক’ৰোনা-এয়া কেৱল প্ৰথম ঢৌৰ মধ্যাংশহেঃ WHO

সমগ্ৰ বিশ্বত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৫লাখৰ অধিক হৈছে। প্ৰায় ৫৬ লাখ ১৭হাজাৰ লোক ক’ৰোনাত আজিলৈকে সংক্ৰমিত হৈছে আৰু ইতিমধ্যেই প্ৰায় ৩ লাখ লোকৰ মৃত্যু হৈছে। কিন্তু তাৰ মাজতেই বহু দেশে অৰ্থব্যৱস্থাৰ চকৰী ঘুৰাবলৈ শিথিল কৰি দিছে লক্ ডাউন। বিশ্ব স্বাস্থ্য…

যুদ্ধৰ বাবে সাজু হোৱা- সেনাক নিৰ্দেশ চীনৰ ৰাষ্ট্ৰপতিৰ

ক’ৰোনাৰ পৰা ক্ৰমাৎ সুস্থ হৈ উঠাৰ পিছত চীন এইবাৰ নামি পৰিছে যুদ্ধৰ প্ৰস্তুতিত ৷ দেশখনে ভাৰতৰ লাডাখ আৰু উত্তৰ ছিকিম সীমান্তত ব্যাপক সমৰসজ্জা তৈয়াৰ কৰা দেখা গৈছে ৷ চীনৰ ৰণচালি দেখি ভাৰতেও চীন সীমান্তত সমহাৰত সৈনিক মোতায়েনৰ নিৰ্দেশ দিছে ৷কালি…

হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ পক্ষত বাৰে বাৰে কিয় ড’নাল্ড ট্ৰাম্প!

ক’ৰোনাৰ প্ৰতিষেধক হিচাপে হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ সপক্ষে যুক্ত দি আহিছে ড’নাল্ড ট্ৰাম্পে। কেতিয়াবা যদি সেই ঔষধক ভগৱানৰ দান, কেতিয়াবা গেম চেঞ্জাৰ হিচাপেও অভিহিত কৰিছে। বিগত সপ্তাহত ট্ৰাম্পে প্ৰকাশ কৰিছিল যে তেওঁ নিয়মিত হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ ব্যৱহাৰ কৰি আহিছে। কিন্তু ৰবিবাৰে এক সাক্ষাত্কাৰত ট্ৰাম্পে কয়-…