সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এফালৰ পৰা জ্বলিছে আমেৰিকা

জ্বলিছে , আমেৰিকা জ্বলিছে ৷ সভ্যতাক লজ্জিত কৰি তোলা এক ঘটনাৰ বাবেই আমেৰিকাৰ ৰাজপথত জ্বলিছে ক্ষোভৰ জুই ৷ বিগত চাৰিদিন ধৰি আমেৰিকাৰ  পৰিস্থিতি উত্তপ্ত ৷দেশখনৰ মিনিয়াপলিচ চহৰত এগৰাকী কৃষ্ণাংগ লোকক শ্বেতবৰ্ণ আমেৰিকান পুলিচ অফিচাৰে হত্যা কৰা কেন্দ্ৰ কৰি সমগ্ৰ আমেৰিকাত বিক্ষোভৰ জোৱাৰ উঠিছে ৷ এই ঘটনা সংঘটিত হৈছিল যোৱা সোমবাৰে ৷

- Donation -

পৰৱৰ্তী সময়ত  ৪৬ বৰ্ষীয় জৰ্জ ফ্লয়ড নামৰ লোকজনৰ মৃত্যুৰ সময়ৰ এটা ভিডিও পোহৰলৈ আহিছিল ৷ ভিডিওটোত দেখা গৈছিল যে জৰ্জ ফ্লয়ড নামৰ এজন আফ্ৰিকান আমেৰিকান কৃষ্ণাংগ লোকক ডেৰেক চৌভিন নামৰ পুলিচ বিষয়াজনে ডিঙিত গধুৰ জোতাৰে গছকি আছে ৷

 

জৰ্জে শেহাই শেহাই কৈছে যে তেওঁ উশাহ ল’ব পৰা নাই ৷ কিন্তু পুলিচ বিষয়া জনে তেওঁৰ কথা নুশুনিলে ৷ অৱশেষত জৰ্জৰ মৃত্যু হ’ল ৷ এই ভিডিও ভাইৰেল হৈ পৰাৰ লগে লগে কেৱল কৃষ্ণাংগই নহয় , শ্বেতাংগ লোকসকলো বৰ্ণ বৈষম্য আৰু পুলিচ সন্ত্ৰাসৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ৷ নিউয়ৰ্ক ,লছ এঞ্জেলছ ,শিকাগো ,ডেনৱৰ -এফালৰ পৰা আমেৰিকাৰ প্ৰতিখন চহৰত প্ৰতিবাদ আৰম্ভ হ’ল ৷ মিনিয়েপলিচ চহৰতৰ যি স্থানত জৰ্জৰ হত্যা হৈছিল তাত  বৃহস্পতিবাৰে সন্ধিয়া লাখ লাখ মানুহ জমা হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

লাহে লাহে প্ৰতিবাদৰ ঢৌ বাগৰি গ’ল অন্য চহৰ সমূহলৈও ৷. কমেও ৩০ খন চহৰত আমেৰিকাৰ নাগৰিকসকলে ৰাজপথলৈ ওলাই অহাই নহয় ,পুলিছৰ লগত হতাহতিতো লিপ্ত হৈছে ৷লছ এঞ্জেলছত পুলিচে ৰাবাৰ বুলেট নিক্ষেপ কৰাৰ পাছত প্ৰতিবাদকাৰীসকলে পুলিচৰ বাহনত জুই লগাই দিয়ে ৷ ছিকাগোত দেখা গৈছে প্ৰতিবাদকাৰীৰ উগ্ৰ ৰূপ ৷নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ বিপৰীতে প্ৰতিবাদীসকলে পুলিচক শিলেৰে প্ৰতি আক্ৰমণ কৰিছে ৷ আটলান্টাত ৰাজপথলৈ ওলাই অহা লোকসকলে কেবাটাও বিল্ডিঙৰ ক্ষতিসাধন কৰিছে ৷ অশান্ত হৈ আছে নিউয়ৰ্কো ৷ ৱাশ্বিঙটনত ৰাষ্ট্ৰীয় নিৰাপত্তৰক্ষীৰ কাৰ্যালয়ৰ সন্মুখত  হাজাৰ হাজাৰ লোকে অহৰ্নিশে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ফিলাডেলফিয়াত আহত হৈছে বহু কেইগৰাকী আৰক্ষী ,নিৰাপত্তাৰক্ষী ৷ মিনিয়াপলিচ চহৰ পৰিণত হৈছে অগ্নিকুণ্ডত ৷ আৰক্ষীসহ ৭০০ নেচনেল গাৰ্ড অফিচাৰ চহৰখনত নিয়োগ কৰা হৈছে ৷ ইফালে ,পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত দেশখনৰ প্ৰায় সকলো চহৰত বলবৎ কৰা হৈছে সান্ধ্যআইন ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোণাল্ড ট্ৰাম্পে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ উমান দি ঘোষণা কৰে যে মিনিয়াপলিছ চহৰৰ ডেম’ক্ৰেট দলৰ মেয়ৰ গৰাকীৰ দুৰ্বলতাৰ বাবেই পৰিস্থিতিৰ অৱনতি ঘটিছে ৷ প্ৰতিবাদৰ নামত লুটপাত আৰু উদ্ভণ্ডালি সহ্য কৰা নহ’ব ৷

<p><em>Click <a href=”https://www.facebook.com/TheCrossCurrent/” target=”_blank”>here</a> to like us on Facebook. Don’t miss our video reports as well. <a href=”https://www.youtube.com/channel/UCpulmbERaA2b_6LIrJCBaTQ” target=”_blank”>Click here to subscribe</a> us on Youtube.</em></p>

Leave A Reply

Your email address will not be published.