ক’ৰোনা-এয়া কেৱল প্ৰথম ঢৌৰ মধ্যাংশহেঃ WHO

Share This Article

সমগ্ৰ বিশ্বত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৫লাখৰ অধিক হৈছে। প্ৰায় ৫৬ লাখ ১৭হাজাৰ লোক ক’ৰোনাত আজিলৈকে সংক্ৰমিত হৈছে আৰু ইতিমধ্যেই প্ৰায় ৩ লাখ লোকৰ মৃত্যু হৈছে। কিন্তু তাৰ মাজতেই বহু দেশে অৰ্থব্যৱস্থাৰ চকৰী ঘুৰাবলৈ শিথিল কৰি দিছে লক্ ডাউন। বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যকৰী সঞ্চালক মাইক ৰায়ানে কয় যে এয়া কেৱল প্ৰথম পৰ্যায়ৰ মধ্যাংশহে। ইয়াৰ পিছত দ্বিতীয় পৰ্যায বাকী আছেই। এতিয়া প্ৰথম ধুমুহাৰ সৈতে মাত্ৰ প্ৰত্যাহ্বানহে।

বিশ্বৰ মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যাৰ ভিতৰত দুই-তৃতীয়াংশই ইউৰোপৰ। তালিকাৰ শীৰ্ষত থকা আমেৰিকাই ১৭লাখ পৰ্যন্ত ছুইচেগৈ। আনহাতে চিন্তিত হৈছে দক্ষিণ আমেৰিকা আৰু দক্ষিণ এছিয়াৰ। বিশেষকৈ ব্ৰাজিল আৰু ভাৰতৰ অৱস্থা চিন্তনীয়।

বিতৰ্কিত ৱুহানৰ ইনষ্টিটিউট অফ ভাইৰ’লজীৰ ডেপুটী ডিৰেক্টৰ ঝেংলীয়ে কয় যে হিমালয়ৰ আইচবাৰ্গত ধৰা পৰিছে ক’ৰোনা ভাইৰাছ। লগতে কয় যে ভবিষ্যতে আৰু বহুতো ভাইৰাছৰ সৈতে যুদ্ধ কৰিব লাগিব। সকলো দেশেই সমানে যুদ্ধ কৰিব লাগিব। আৰু যিয়েই গৱেষণা কৰিছে, তাত স্বচ্ছতা থাকিব লাগিব বুলিও তেওঁ প্ৰকাশ কৰে।

আনহাতে বিশ্ব স্বাস্থ্য সংস্থাৰ ৰায়ানে কয় যে সংক্ৰমণৰ সংখ্যা যিমানেই বাঢ়িছে, সিমানেই অৰ্থব্যৱস্থাত যিমানেই প্ৰভাৱ নপৰক কিয় সেই অঞ্চলত লক্ ডাউন উঠাই নোলোৱাটেও মংগল।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.