শ্ৰেণী ৰাজ্য

“চৰকাৰী কৰ্মচাৰীৰ বাবেই নাও দুৰ্ঘটনা সংঘটিত হল”: দায়সৰা মন্তব্য মুখ্যমন্ত্ৰীৰ

যোৱাকালি সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ সন্দৰ্ভত আজি মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। শিহৰনকাৰী দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দোষ ঠেলিলে চৰকাৰী কৰ্মচাৰীলৈ। তেওঁ কয় যে ” সংশ্লিষ্ট বিষয়া কৰ্মচাৰীয়ে চোৱা চিতা কৰা নাছিল কথাবোৰ।”মা কমলা” নামৰ ফেৰী খনত নাছিল…

৪ অক্টোবৰত অসমত অনুষ্ঠিত হব ৰাজ্য সভাৰ উপ নিৰ্বাচন

বহু জল্পনা কল্পনাৰ অন্তত ৪ অক্টোবৰত অসমত ৰাজ্য সভাৰ এখন আসনৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। যিহেতু বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পাছত খালী হৈ আছিল ৰাজ্য সভাৰ এখন আসন। ১৫ ছেপ্টম্বৰত নিৰ্বাচনৰ অধিসূচনা ঘোষণা কৰা হব বুলি জনাইছে নিৰ্বাচন আয়োগে।…

ভয়ংকৰ নাওঁ দুৰ্ঘটনাৰ পিছতে উত্তাল মাজুলী, প্ৰতিবাদত নামিল মাজুলীবাসী

যোৱাকালি সংঘটিত হোৱা হৃদয় বিদাৰক নাও দুৰ্ঘটনাৰ পাছতেই এতিয়া আছু আৰু মাজুলীবাসী ৰ উত্তাল প্ৰতিবাদত কঁপি উঠিছে মাজুলী। হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু মাজুলী জিলা প্ৰশাসন, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হৈছে।…

মাজুলীৰ দাবী : আমাক এখন দলং লাগিবই

নৱজিৎ চেলেং আজিৰ তাৰিখত আমি কি বিচাৰিম- জীৱনৰ মূল্য নে এখন দলঙৰ দাবী, দুৰ্ঘটনাত পতিত মানুহৰ বাবে ন্যায় নে ৰাজনৈতিক ষড়যন্ত্ৰৰ দাবীত এক গণ আন্দোলন? হয়তো সেই দোমোজাৰেই আজি মাজুলীৰ পদূলিবোৰলৈ সন্ধিয়াটো সোমাই আহিছে। ৰাতিটোৱে ঘৰবোৰক গিলি থ’ব অলপ পাছতেই।…

নিমাতী ঘাটত অব্যাহত আছে উদ্ধাৰ অভিযান

মুখ্যমন্ত্ৰীকে ধৰি অসম চৰকাৰৰ মন্ত্ৰীদল ইতিমধ্যে উপস্থিত হৈছে নিমাতী ঘাটত৷ নিমাতীঘাটত সংঘটিত নাও দুৰ্ঘটনাক লৈ তদন্তৰ ঘোষণা কৰিছে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷আনহাতে বৰ্তমানলৈ ৮২জন লোকক উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।এনডিআৰএফ আৰু এছডিআৰএফে চলাই আছে  উদ্ধাৰ অভিযান। উদ্ধাৰ কৰা একাংশ…

নিমাতীঘাটৰ ট্ৰেজেডি : নামঘৰত সেৱা লৈ উভতিছিল পৰিমিতা

যোৰহাটৰ নিমাতীঘাটত হোৱা ফেৰী দুৰ্ঘটনাত মৃত্যু হ’ল মাজুলীৰ ৰঙাচাহী কলেজৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে বুধবাৰে বন্ধ আছিল কলেজ ৷ সেইবাবেই মাতৃৰ সৈতে গোলাঘাটৰ আঠখেলীয়া নামঘৰলৈ গৈছিল পৰিমিতা দাস ৷ আঠখেলীয়া নামঘৰত সেৱা লৈ পুণৰ…

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ বাবে জৰুৰীকালীন নম্বৰ মুকলি

যোৰহাটৰ নিমাতীঘাটত হোৱা ফেৰী দুৰ্ঘটনাৰ বাবে দুটাকৈ জৰুৰীকালীন নম্বৰ মুকলি কৰিছে জিলা আপাতকালীন বিভাগে ৷ নম্বৰ দুটা হ’ল ১০৭৭ আৰু ৭৬৩৫৯৬১৫২২ ৷ নিখোজ লোকৰ তথ্য এই নম্বৰত অৱগত কৰিব পাৰিব ৷

নিমাতীঘাটৰ দুৰ্ঘটনাত সহকাৰী অধ্যাপিকাৰ মৃত্যু

যোৰহাটৰ নিমাতীঘাটত হোৱা নাও দুৰ্ঘটনাত মাজুলীৰ ৰঙাচাহী কলেজৰ অসমীয়া সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ তেওৰ ঘৰ গুৱহাটীৰ কাহিলীপাৰাত ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় পৰিমিতা দাসৰ ৷

আজমল – হিমন্তৰ গোপন মিতিৰালিৰ প্ৰমান এই নিৰ্দেশ নেকি ?

নিৰ্বাচনৰ আগলৈকে বদৰুদ্দিন আজমল আছিল অসমীয়া জাতিৰ শত্ৰু ৷ দিছপুৰৰ দহ কিলোমিটাৰ ব্যাসাৰ্ধত আজমলক সোমাব নিদিয়াৰ হুংকাৰ দিছিল হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্বাচন পাৰ হৈ গ’ল ৷ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ’ল ৷ সময়ৰ গতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

হেল্থ চিটী হাস্পতালত ফিজিওথেৰাপী দিৱস পালন

বিশ্ব ফিজিওথেৰাপী দিৱসৰ লগত সংগতি ৰাখি আজি খানাপাৰাৰ হেল্থ চিটী হাস্পতালত বিশ্ব ফিজিওথেৰাপী দিৱস পালন কৰা হয় ৷ এই উপলক্ষত চিকিৎসালয়খনৰ ফিজিওথেৰাপী বিভাগে বিভিন্ন জনসজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে ৷ উল্লেখ্য যে , প্ৰতিবছৰে ৮ ছেপ্তেম্বৰ তাৰিখে ৱৰ্ল্ড কনফেডাৰেশ্যন অৱ ফিজিওথেৰাপীৰ…