শ্ৰেণী ৰাজ্য

Just in- মাজুলীৰ ভেকেলি চাপৰিত উদ্ধাৰ ফেৰী দুৰ্ঘটনাত নিখোঁজ চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ

অৱশেষত আজি উদ্ধাৰ হ’ল ভয়ংকৰ নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত নিখোঁজ হৈ থকা ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ। মাজুলীৰ ভেকেলি চাপৰিত উদ্ধাৰ কৰা হৈছে মৃতদেহটো । ঘটনাস্থলীলৈ ইতিমধ্যেই ৰাওনা হৈছে SDRFৰ দল। উল্লেখ্য যে মাজুলীৰ গড়মুৰ চিকিৎসালয়ৰ চিকিৎসক আছিল ডাঃ বৰুৱা।

শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তি সম্পৰ্কে কি ক’লে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে?

শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তি আৰু আয়ৰ প্ৰমাণপত্ৰক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে ফেচবুক যোগে দিছে এক বিশেষ স্পষ্টীকৰণ “শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তিৰ বাবে চক্ৰ বিষয়াই প্ৰদান কৰা উপাৰ্জনৰ প্ৰমাণপত্ৰৰ বিকল্প হিচাবে যিখন শিক্ষানুষ্ঠানৰ পৰা শিক্ষাৰ্থীগৰাকী উত্তীৰ্ণ হৈছে,…

অসম পৰ্যটনক ন ৰূপ দিয়াৰ উদ্দেশ্যৰে কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত বিশেষ সন্মিলন

উত্তৰ-পূৰ্বৰ পৰ্যটন ক্ষেত্ৰক আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে সোমবাৰৰ পৰা গুৱাহাটী মহানগৰীৰ হোটেল ‘ৰেডিচন ব্লুত’ দুদিনীয় কাৰ্যসূচীৰে আয়োজন কৰা হয় এখন বিশেষ সন্মিলনৰ৷ উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰে প্ৰতিনিধিসকল উপস্থিত থকা বিশেষ সন্মিলন খনত কেন্দ্ৰীয় ড’নাৰমন্ত্ৰী আৰু পৰ্যটন মন্ত্ৰীও উপস্থিত থাকে আৰু সাংস্কৃতিক…

অৱশেষত গ্ৰেপ্তাৰ হ’ল অভিশপ্ত ‘মা কমলা’ৰ স্বতাধিকাৰী পানী ৰাম কলিতা

যোৱা ৮ ছেপ্টেম্বৰত যোৰহাটৰ নিমাতী ঘাটত সংঘটিত হোৱা মৰ্মান্তিক নাওঁ দুৰ্ঘটনাৰ পাছতেই তৎপৰ হৈ পৰা দেখা গৈছিল প্ৰশাসনক। অৱশেষত আজি গ্ৰেপ্তাৰ কৰা হ’ল নিমাতিঘাটত দুৰ্ঘটনাত পতিত হোৱা অভিশপ্ত ‘মা কমলা’ নামৰ নাওঁখনৰ স্বতাধিকাৰী পানী ৰাম কলিতাক। ডিব্ৰুগড়ৰ এখন হাস্পতালৰ পৰা…

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ দাবী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ

মাজুলী-যোৰহাট সংযোগী দলং সম্পৰ্কে সত্ৰাধিকাৰ সকলৰ স্থিতিক লৈ ৰাজ্যত বিতৰ্ক অব্যাহত থকাৰ মাজতে অতিশীঘ্ৰে মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিছে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ গৰাকীয়ে। সত্ৰাধিকাৰ গৰাকীয়ে ফেৰীৰ কৰ্মচাৰী সকলে সুৰাপান কৰি ফেৰী চলোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। আনহাতে…

প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে কি বিশেষ আয়োজন ৰাজ্যিক বিজেপিৰ?

অহা ১৭ ছেপ্টেম্বৰ শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে ৰাজ্যিক বিজেপিৰ বিশাল আয়োজন। ৭১টা জলাশয় পৰিষ্কাৰ কৰাৰ পৰিকল্পনা ৰাজ্যিক বিজেপিৰ কমকৰ্তাৰ। ১৫ হাজাৰ বুথৰ ১৫ হাজাৰ নামঘৰ অথবা মন্দিৰত শৰাই আগবঢ়াব কৰ্মকৰ্তাসকলে আৰু শুভেচ্ছা বাণী সম্বলিত…

ইন্টেলিজেন্সৰ বিস্ফোৰক তথ্যঃ ক’ভিড কালত জেহাদীয়ে শিপাইছে অসম

ফাইনেন্সিয়েল একশ্যন টাস্ক ফৰ্ড (FATF)ৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি কোভিড-১৯ৰ সময়চোৱাতো সংস্থা-সংগঠনৰসমূহৰ মাজত বৃহত পৰিমাণৰ ধনৰ লেন-দেন হৈছিল। ভাৰতবৰ্ষৰ প্ৰধান অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষত বহু ভুৱা স্বেচ্ছাসেৱী সংগঠন আছে যিবোৰ সংগঠনে বিগত প্ৰায় দুবছৰ ধৰি কোভিডকালীন…

নিমাতীঘাটত মাজনিশা চলা উদ্ধাৰ অভিযানৰ সময়ত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত?

বিগত ৮ ছেপ্টেম্বৰৰ বিয়লি যোৰহাটৰ নিমাতীঘাটৰ সমীপত সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পিছতে নিশালৈ আন এক দুৰ্ঘটনাৰ পৰা কেইগৰাকীমান চৰকাৰী বিষয়া-কৰ্মচাৰীৰ কথমপিহে প্ৰাণ ৰক্ষা পৰাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি একাংশ লোক ব্যস্ত হৈ পৰিছিল উদ্ধাৰ অভিযানত…

ব্ৰহ্মপুত্ৰৰ তলেৰে ক’ত নিৰ্মান হ’ব সুৰংগ?

কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মহাবাহু ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰা হব ১৫.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ। দ্বৈত সুৰঙ্গ পথ নিৰ্মাণৰ বাবে ইতিমধ্যেই প্ৰস্তাৱ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ১২,৮০৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা প্ৰকল্পটোৰ সৰ্বমুঠ দৈৰ্ঘ্য প্ৰায় ৩৩ কিলোমিটাৰ। উত্তৰ…

মুখ্যমন্ত্রীৰ জাল চহীৰে জল জীৱনৰ ঠিকা আবণ্টন দিয়া ইমৰান শ্বাহ হুছেইনক গ্ৰেপ্তাৰ

মুখ্যমন্ত্রীৰ জাল চহীৰে জল জীৱনৰ ঠিকা আবণ্টন দিয়া মূল অভিযুক্ত হাতীগাঁৱৰ ইমৰান শ্বাহ হুছেইনক দেওবাৰে দিল্লীৰ এখন হোটেলৰ পৰা গ্রেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে৷ দিল্লী আৰক্ষীৰ সহযোগত দিছপুৰ থানাৰ আৰক্ষীয়ে ঠিকাদাৰ ইমৰানক গ্রেপ্তাৰ কৰে৷ চাৰি দিন পূর্বে ইমৰানে হাতীগাঁৱৰ পৰা পলায়ন…