Investigative reporting with dedication.

মাজুলী-যোৰহাট সংযোগী দলং সম্পৰ্কে সত্ৰাধিকাৰ সকলৰ স্থিতিক লৈ ৰাজ্যত বিতৰ্ক অব্যাহত থকাৰ মাজতে অতিশীঘ্ৰে মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিছে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ গৰাকীয়ে। সত্ৰাধিকাৰ গৰাকীয়ে ফেৰীৰ কৰ্মচাৰী সকলে সুৰাপান কৰি ফেৰী চলোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। আনহাতে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে সৰৱ হোৱাৰ উপৰিও সত্ৰাধিকাৰ গৰাকীয়ে যোৰহাট আৰু মাজুলীৰ মাজত পৰ্য্যাপ্ত পৰিমাণৰ ফেৰী চলাচল কৰাবলৈ আহ্বান জনায় ৰাজ্য চৰকাৰক।




