অসম পৰ্যটনক ন ৰূপ দিয়াৰ উদ্দেশ্যৰে কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত বিশেষ সন্মিলন

Share This Article

উত্তৰ-পূৰ্বৰ পৰ্যটন ক্ষেত্ৰক আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে সোমবাৰৰ পৰা গুৱাহাটী মহানগৰীৰ হোটেল ‘ৰেডিচন ব্লুত’ দুদিনীয় কাৰ্যসূচীৰে আয়োজন কৰা হয় এখন বিশেষ সন্মিলনৰ৷ উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰে প্ৰতিনিধিসকল উপস্থিত থকা বিশেষ সন্মিলন খনত কেন্দ্ৰীয় ড’নাৰমন্ত্ৰী আৰু পৰ্যটন মন্ত্ৰীও উপস্থিত থাকে আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ ওপৰত বিষদভাৱে আলোচনা কৰে৷ প্ৰথম দিনটোতে ৰে’লৱে আৰু পৰ্যটন বিভাগৰ মাজত এখন MOUৰ স্বাক্ষৰ কৰা হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰে’ল সেৱাৰে পৰ্যটন ক্ষেত্ৰক সংলগ্ন কৰাৰ বাবে এই MOU স্বাক্ষৰ কৰা বুলি মন্তব্য আগবঢ়ায়৷ ক’ভিডৰ সময়ত পৰ্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰখনত হোৱা লোকচান কেনেদৰে পূৰাব পাৰি তাৰ বিষয়েও বিষদভাৱে আলোচনা কৰা হয় সন্মিলন খনত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.