নিমাতীঘাটত মাজনিশা চলা উদ্ধাৰ অভিযানৰ সময়ত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত?

Share This Article

বিগত ৮ ছেপ্টেম্বৰৰ বিয়লি যোৰহাটৰ নিমাতীঘাটৰ সমীপত সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পিছতে নিশালৈ আন এক দুৰ্ঘটনাৰ পৰা কেইগৰাকীমান চৰকাৰী বিষয়া-কৰ্মচাৰীৰ কথমপিহে প্ৰাণ ৰক্ষা পৰাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি একাংশ লোক ব্যস্ত হৈ পৰিছিল উদ্ধাৰ অভিযানত আৰু এই দুঃসাহসিক উদ্ধাৰ অভিযানত ব্যস্ত থকাৰ সময়তে মাজনিশা ভৰা ব্ৰহ্মপুত্ৰৰ মাজত সংঘটিত হৈছিল আন এক শিহৰণকাৰী ঘটনা। নিমাতীঘাটৰ সমীপত সংঘটিত দুৰ্ঘটনাটোত ব্ৰহ্মপুত্ৰত ডুব যোৱাৰ পিছত সোঁতত উটি যোৱা নাওখনত কোনো লোক আবদ্ধ হৈ আছে নেকি সেই কথাই উদ্বিগ্ন কৰি তুলিছিল বহুতকে আৰু সেইবাবেই ভৰা ব্ৰহ্মপুত্ৰৰ মাজত দুপৰ নিশালৈকে চলিছিল এক দুঃসাহসিক উদ্ধাৰ অভিযান। ঘাটৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত ব্ৰহ্মপুত্ৰৰ মাজত ডুবি থকা অৱস্থাত উদ্ধাৰ হোৱা নাওখন বালিয়ে পুতি পেলোৱাৰ পূৰ্বেই চলিছিল এই অভিযান। কাৰণ নিশাৰ ভিতৰত নাওখন বালিয়ে পুতি পেলালে তাত উদ্ধাৰ অভিযান চলোৱাত বহু সমস্যাৰ সৃষ্টি হ’লহেঁতেন। সেয়েহে যোৰহাট জিলা প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত NDRF আৰু SDRFৰ এটা বৃহৎ দলে ব্ৰহ্মপুত্ৰৰ মাজত নিশা প্ৰায় ১ বজালৈকে উক্ত নাওখন কাটি ফুটা কৰি তাৰ ভিতৰত ডুবাৰুৰ দ্বাৰা অভিযান চলাই কোনো লোক আবদ্ধ হৈ আছে নেকি তাৰ সন্ধান কৰিছিল। এই অভিযান সামৰি উভতি অহাৰ পথত এখন স্পীডবোটৰ মেচিনত বিসংগতিয়ে দেখা দিয়াত নিশা প্ৰায় ২ বজাত ব্ৰহ্মপুত্ৰৰ মাজত এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছিল এটা দল। কাৰণ ব্ৰহ্মপুত্ৰৰ মাজত দুপৰ নিশা সোঁতে উটুৱাই লৈ গৈছিল ৰবৰৰ উদ্ধাৰকাৰী স্পীডবোটখন। সেই ৰবৰৰ বোটখনত আছিল যোৰহাটৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন আৰু চাৰিগৰাকী SDRFৰ কৰ্মচাৰী। দুপৰ নিশা ব্ৰহ্মপুত্ৰৰ মাজত প্ৰায় ৪৫ মিনিট জোৰা স্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পিছত নিমাতীঘাটৰ পৰা যোৱা এখন নাৱে দলটোক উদ্ধাৰ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.