সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইন্টেলিজেন্সৰ বিস্ফোৰক তথ্যঃ ক’ভিড কালত জেহাদীয়ে শিপাইছে অসম

ফাইনেন্সিয়েল একশ্যন টাস্ক ফৰ্ড (FATF)ৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি কোভিড-১৯ৰ সময়চোৱাতো সংস্থা-সংগঠনৰসমূহৰ মাজত বৃহত পৰিমাণৰ ধনৰ লেন-দেন হৈছিল। ভাৰতবৰ্ষৰ প্ৰধান অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষত বহু ভুৱা স্বেচ্ছাসেৱী সংগঠন আছে যিবোৰ সংগঠনে বিগত প্ৰায় দুবছৰ ধৰি কোভিডকালীন ভয়াৱহ পৰিস্থিতিৰ সময়ত কোভিড আক্ৰান্ত দৰিদ্ৰ লোকৰ সহায়ৰ নামত বিশ্বৰ বহু কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰ বাবে পুঁজি সংগ্ৰহ কৰি আহিছে। আন একাংশ সংস্থাই আকৌ কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰ পৰাও বৃহত পৰিমাণৰ পুজিঁ লাভ কৰি আহিছে। এনে সংগৃহীত তথ্যৰ আধাৰতে নিয়াই নিষিদ্ধ সংগঠন জামাতি ইছলামীৰ সৈতে সম্পৰ্ক ৰখাৰ তথ্য থকা স্বেচ্ছাসেৱী সংগঠনৰ যোগসূত্ৰৰ সন্ধানত জম্মু-কাশ্মীৰকে ধৰি দেশৰ বিভিন্ন স্থানৰ প্ৰায় ৬০টা স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মস্থলীত গোপনে অভিযান চলাইছিল। এইবাৰ অসমতো এই সময়চোৱাত কোভিড আক্ৰান্ত দৰিদ্ৰ পৰিয়ালক সাহায্য প্ৰদান আৰু সংকটৰ পৰা উদ্ধাৰ অভিযানৰ বাবে বিভিন্ন উৎসৰ পৰা পুজিঁ সংগ্ৰহ কৰাৰ তথ্য লাভ কৰা বুলি সংস্থাটোৱে নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পাৰিছে।
সংস্থাটোৰ সূত্ৰটোৱে প্ৰকাশ কৰা মতে ইছলামিক ছাৰ্কল অৱ নৰ্থ আমেৰিকা নামৰ আন্তৰাষ্ট্ৰীয় জনসেৱামূলক সংস্থাটোৰ এটি শাখা অতি সংগোপনে অসমতো স্থাপন কৰা হৈছে আৰু ৰাজ্যখনৰ পিছপৰা অঞ্চলত বাহৰ পাতি কোভিড আক্ৰান্ত আৰু কোভিড কেন্দ্ৰিক পৰিস্থিতিত সৰ্বস্বান্ত হোৱা দুখীয়া লোকৰ বাবে পুঁজি সংগ্ৰহ কৰি আছে। উক্ত সাহায্য গ্ৰহণ কৰা অসমৰ ৰাইজ অথবা ইয়াৰ সৈতে জড়িত হৈ পৰা ৰাজ্যখনৰ একাংশ স্বেচ্ছাসেৱী সংস্থাক এই কথা ঘূণাক্ষৰেও জানিবলৈ দিয়া হোৱা নাই যে তেওঁলোকে নিজৰ অজ্ঞাতে আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংস্থাৰ সৈতে কাম কৰা বিশ্ব তথা ভাৰতৰ প্ৰতিষ্ঠিত সংস্থাৰ জৰিয়তে এই সাহায্য লাভ কৰিছে। ফলত তেওঁলোকে নিজৰ অজ্ঞাতেই সমাজ কল্যাণমূলক কাৰ্যসূচীৰ নামত দেশৰ প্ৰতিষ্ঠিত ভুৱা সেৱামূলক সংস্থাবোৰৰ মাধ্যমেৰে বিশ্বৰ কুখ্যাত জেহাদী সংগঠনৰ শ্ৰীবৃদ্ধিতো পৰোক্ষভাৱে সহায়কৰ ভূূমিকা পালন কৰিছে। অসমীয়া প্ৰতিদিনৰ প্ৰতিবেদন অনুসৰি এনে প্ৰতিষ্ঠানে অসমৰ উপৰি দেশৰ বিভিন্ন প্ৰান্তত অতি কমেও ১৭টা এনেস সেৱামূলক সংস্থাৰ জন্ম দিছে।
যি সংস্থাৰ সৈতে কোভিডকালীন সময়ত জনসেৱাৰ মনোভাৱেৰেই কেইবালক্ষ লোক জ়ড়িত হৈ পৰিছে। NIAৰ পৰা লাভ কৰা তথ্য অনুসৰি গুৱাহাটীত স্থাপন কৰা এক কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় তথা ৰাজ্যিক ছচিয়েল মিডিয়া পৃষ্ঠা কাম-কাজৰো পৰিচালনা কৰা হয়। উক্ত সংস্থাই ৰাজ্যখনৰ আন একাংশ সংগঠনকো তেওঁলোকৰ নিজা নিজা দাবীৰ বাবে গ্ৰহণ কৰা আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ বাবেও আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ তথ্যও অনুসন্ধানকাৰী সংস্থাটোৱে লাভ কৰি বুলি সূত্ৰই প্ৰকাশ কৰিছে। কাৰ্যত মূল শিপাৰ সৈতে প্ৰত্যক্ষ যোগাযোগ নথকাকৈয়ে এইবোৰ সংগঠনৰ এচাম সদস্যই আন্তৰাষ্ট্ৰীয় কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰ শ্লীপাৰ চেল সদস্য ৰূপে কাম কৰি থকা বুলি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই সন্দেহ কৰাই নহয় এই সন্দৰ্ভত কিছুপৰিমাণে নিশ্চিত তথ্যও লাভ কৰিছে। উপৰুৱাকৈ চালে সংগঠনবোৰক পীড়িত জনগোষ্ঠী বা কোভিড আৰু বানপানী পীড়িত দৰিদ্ৰ লোকৰ বাবে সহায়কাৰী সংগঠন বা তেওঁলোকৰ নায্য প্ৰাপ্তিৰ দাবীত আন্দোলন কৰা সংস্থাৰূপে ৰাইজৰ অনুভৱ হলেও অনুসন্ধানকাৰী সংস্থাৰ সূত্ৰমতে দৰাচলতে তেওঁলোকে বিশ্ব অতিকে কুখ্যাত আৰু নিষিদ্ধ সংগঠনৰ হৈহে নিজৰ অজ্ঞাতে কাম কৰি আছে।

Leave A Reply

Your email address will not be published.