“চৰকাৰী কৰ্মচাৰীৰ বাবেই নাও দুৰ্ঘটনা সংঘটিত হল”: দায়সৰা মন্তব্য মুখ্যমন্ত্ৰীৰ

Share This Article

যোৱাকালি সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ সন্দৰ্ভত আজি মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। শিহৰনকাৰী দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দোষ ঠেলিলে চৰকাৰী কৰ্মচাৰীলৈ। তেওঁ কয় যে ” সংশ্লিষ্ট বিষয়া কৰ্মচাৰীয়ে চোৱা চিতা কৰা নাছিল কথাবোৰ।”মা কমলা” নামৰ ফেৰী খনত নাছিল অভিজ্ঞতাসম্পন্ন গুৰিয়াল। কিন্তু সেইবিলাক চোৱা চিতা কৰা নাছিল চৰকাৰী বিষয়া সকলে”। লগতে তেওঁ কয় যে লাইফ জেকেটৰ লগতে অন্যান্য সা-সুবিধা সম্পৰ্কে চোৱা চিতা কৰাৰ দায়িত্ব বিষয়াৰ কৰ্মচাৰীৰ। চৰকাৰী কৰ্মচাৰীৰ বাবেহে চৰকাৰ বিফল হোৱা বুলিও উল্লেখ কৰে। মাজুলীত ডাঙৰ ডাঙৰ চিন্তা কৰি থাকোতে সৰু সৰু বিষয়বোৰ ৰৈ গল বুলি কয় মুখ্যমন্ত্ৰী জনে। ফেৰী দুৰ্ঘটনা সন্দৰ্ভত চৰকাৰৰ বিফলতা নহয় বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.