Category ৰাজ্য

উত্তৰ প্ৰদেশৰ নিৰ্বাচন হব ৮৫ আৰু ১৫ঃ স্বামী প্ৰসাদ মৌৰ্য

কিছুদিনৰ পূৰ্বে যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ নিৰ্বাচন সন্দৰ্ভত কয় যে, এইবাৰ প্ৰতিদ্বন্দিতা ৮০ বনাম ২০ হব। কিন্তু তাৰ কেইদিনমানৰ পাছতেই উত্তৰ প্ৰদেশৰ ৰাজনীতিত সলনি হয় প্ৰেক্ষাপট। বিজেপিৰ মন্ত্ৰী-বিধায়কে ত্যাগ কৰে দল। মঙলবাৰে স্বামী প্ৰসাদ মৌৰ্যই যোগী আদিত্যনাথ চৰকাৰৰ পৰা পদত্যাগ…

বিজেপিৰ ১১ জন মন্ত্ৰী-বিধায়কৰ যোগদান সমাজবাদী পাৰ্টীত

উত্তৰ প্ৰদেশত এতিয়া নিৰ্বাচনী ধুমুহা বাৰুকৈয়ে বলিছে। বিজেপিয়ে টিকট কাক দিব তাকে চিন্তা-চৰ্চা কৰি থকা সময়তে ৩ মন্ত্ৰী আৰু ১০ জন বিধায়কে বিজেপি দল ত্যাগ কৰিলে। দল ত্যাগ কৰা ১১ জন মন্ত্ৰী-বিধায়কেই যোগদান কৰিলে সমাজবাদী পাৰ্টীত। লক্ষ্ণৌত অখিলেশ যাদৱৰ উপস্থিতিত…

মোদীৰ পঞ্জাৱ ভ্ৰমণ ঘটনা সন্দর্ভত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

১৩ জানুৱাৰী বৃহস্পতিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা উলংঘনৰ ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ কোভিড পৰিস্থিতিসন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই কথা জনায়। লগতে মুখ্যমন্ত্ৰী…

মকৰ সংক্ৰান্তি উপলক্ষে সূৰ্য নমস্কাৰ কাৰ্যসূচী

মকৰ সংক্ৰান্তি উপলক্ষে সূৰ্য নমস্কাৰ কাৰ্যসূচী। সমগ্ৰ দেশতে দেশৰ আয়ুষ মন্ত্ৰালয়ে অনুষ্ঠিত কৰিছে সূৰ্য নমস্কাৰৰ কাৰ্যসূচী। প্ৰায় ১ কোটি লোকে অংশগ্ৰহণ কৰে এই সূৰ্য নমস্কাৰ কাৰ্যসূচীত। স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। দেশৰ আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে…

মন্ত্ৰী ধৰম সিং চৈনীৰ বিজেপি দল ত্যাগ

চৰ্চাত আছে উত্তৰ প্ৰদেশৰ ৰাজনীতি। আগন্তক উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে যোগী আদিত্যনাথৰ চৰকাৰৰ  দলৰ পৰা দল ত্যাগ কৰিছে কেইবাজনো মন্ত্ৰী-বিধায়কে। বৰ্তমানৰলৈকে সৰ্বমুঠ দহজন মন্ত্ৰী, বিধায়কে বিজেপি দলৰ পৰা পদত্যাগ কৰে। …

দেশৰ কোভিড পৰিস্থিতিক লৈ বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোদী

আজি বিয়লী ৪.৩০ বজাত এক গুৰুত্বপূৰ্ণ বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত অংশ ল’ব প্রধানমন্ত্ৰীয়ে। ভিডিঅ’ কনফাৰেন্সযোগে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব মোদী। দেশৰ কোভিড পৰিস্থিতিক লৈ এই বৈঠকত কৰা হ’ব আলোচনা।

৫০ মহিলালৈ কংগ্ৰেছৰ টিকট আৰু কি পৰিকল্পনা প্ৰিয়ংকাৰ ?

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ১২৫ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৷ ইয়াৰ ভিতৰত আছে ৫০ গৰাকী মহিলা প্ৰাৰ্থী ৷ বেছিভাগ মহিলাই যোগী আদিত্যনাথৰ শাসনকালত নিৰ্যাতন বা প্ৰতাৰণাৰ সন্মুখীন হৈছে ৷ বিজেপিৰ বিৰুদ্ধে প্ৰতীকি প্ৰতিবাদ হিচাপেই এইসকল…

সত্যপাল মালিকলৈ প্ৰধানমন্ত্ৰী মোদীৰ ভয় কিয় ?

মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যিমান আক্ৰমণ কৰিছে , আন কোনো বিৰোধী নেতাইও কৰা নাই ৷ কৃষক আন্দোলনক লৈ প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা স্থিতিক লৈ সদায় সোচ্চাৰ হৈ আহিছে সত্যপাল মালিক ৷ বিষয়টো লৈ তেও আনকি নিজে প্ৰধানমন্ত্ৰী মোদীক…

অ’ বি চি নেতাৰ বিদ্ৰোহে কঁপাইছে বিজেপিৰ ভেটি

উত্তৰ প্ৰদেশ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য ৷ এই ৰাজ্যখনত আছে ৮০ টা লোকসভা সমষ্টি ৷ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব ৷১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ ৷ ফলাফল ঘোষণা কৰা হ’ব ১০ মাৰ্চত ৷ প্ৰাথমিক দৃষ্টিত বিজেপি…

বিজেপি শিবিৰত ধুমুহা : আৰু এজন বিধায়কৰ দলত্যাগ

উত্তৰ প্ৰদেশবিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি শিবিৰত ধুমুহাৰ সৃষ্টি হৈছে ৷ দুজন কেবিনেট মন্ত্ৰী, তিনিজন বিধায়কে বিজেপিৰ পৰা পদত্যাগ কৰাৰ পাছত আজি আৰু এজন বিধায়কে পদত্যাগৰ কথা ঘোষণা কৰিছে ৷ বৃহস্পতিবাৰে শিকোহাবাদৰ বিধায়ক মুকেশ বাৰ্মাই পদত্যাগৰ…