মোদীৰ পঞ্জাৱ ভ্ৰমণ ঘটনা সন্দর্ভত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

Share This Article

১৩ জানুৱাৰী বৃহস্পতিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা উলংঘনৰ ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ কোভিড পৰিস্থিতিসন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই কথা জনায়। লগতে মুখ্যমন্ত্ৰী চান্নীয়ে প্ৰধানমন্ত্ৰীক দীৰ্ঘজীৱনৰ শুভেচ্ছা জনায়।

উল্লেখযোগ্য যে, পঞ্জাৱৰ হুছেইনিৱালাৰ ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকৰ ওচৰত প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰাৰ ফলত প্ৰধানমন্ত্ৰী ১৫-২০ মিনিটৰ বাবে ফ্লাইঅভাৰতে আৱদ্ধ হৈ থাকিব লগা হয়। লগতে প্ৰধানমন্ত্ৰীয়ে বাতিল কৰিব লগা হয় ফিৰোজপুৰত থকা নিৰ্বাচনী সভা। আনহাতে, গৃহ মন্ত্ৰালয়ে এই ঘটনাটোক “প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক ডাঙৰ ত্ৰুটি” বুলি অভিহিত কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.