সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৫০ মহিলালৈ কংগ্ৰেছৰ টিকট আৰু কি পৰিকল্পনা প্ৰিয়ংকাৰ ?

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ১২৫ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৷ ইয়াৰ ভিতৰত আছে ৫০ গৰাকী মহিলা প্ৰাৰ্থী ৷ বেছিভাগ মহিলাই যোগী আদিত্যনাথৰ শাসনকালত নিৰ্যাতন বা প্ৰতাৰণাৰ সন্মুখীন হৈছে ৷ বিজেপিৰ বিৰুদ্ধে প্ৰতীকি প্ৰতিবাদ হিচাপেই এইসকল মহিলাক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ৷ ইয়াৰ ভিতৰত আছে উন্নাওত ধৰ্ষিতা হোৱা যুৱতীগৰাকীৰ মাতৃও ৷
প্ৰাৰ্থী তালিকা সন্দৰ্ভত প্ৰিয়ংকা গান্ধীয়ে কয় –এই প্ৰাৰ্থী তালিকাত ৪০ শতাংশ মহিলাক আৰু ৪০ শতাংশ যুৱ প্ৰজন্মক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৷ সাংবাদিক আৰু অভিনেত্ৰীয়েও কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷ এই প্ৰাৰ্থী তালিকাই এক নতুন ৰাজনীতিৰ সূচনা কৰিব বুলি তেও আশা প্ৰকাশ কৰে ৷

Leave A Reply

Your email address will not be published.