৫০ মহিলালৈ কংগ্ৰেছৰ টিকট আৰু কি পৰিকল্পনা প্ৰিয়ংকাৰ ?

Share This Article

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ১২৫ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৷ ইয়াৰ ভিতৰত আছে ৫০ গৰাকী মহিলা প্ৰাৰ্থী ৷ বেছিভাগ মহিলাই যোগী আদিত্যনাথৰ শাসনকালত নিৰ্যাতন বা প্ৰতাৰণাৰ সন্মুখীন হৈছে ৷ বিজেপিৰ বিৰুদ্ধে প্ৰতীকি প্ৰতিবাদ হিচাপেই এইসকল মহিলাক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ৷ ইয়াৰ ভিতৰত আছে উন্নাওত ধৰ্ষিতা হোৱা যুৱতীগৰাকীৰ মাতৃও ৷
প্ৰাৰ্থী তালিকা সন্দৰ্ভত প্ৰিয়ংকা গান্ধীয়ে কয় –এই প্ৰাৰ্থী তালিকাত ৪০ শতাংশ মহিলাক আৰু ৪০ শতাংশ যুৱ প্ৰজন্মক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৷ সাংবাদিক আৰু অভিনেত্ৰীয়েও কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷ এই প্ৰাৰ্থী তালিকাই এক নতুন ৰাজনীতিৰ সূচনা কৰিব বুলি তেও আশা প্ৰকাশ কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.