শ্ৰেণী ৰাজ্য

শাসনলৈ অহাৰ ১০ দিনৰ ভিতৰতেই কৰিব কৃষকৰ ঋণ পৰিশোধ : প্ৰিয়ংকা গান্ধী

শেহতীয়াকৈ কংগ্ৰেছ দলৰ উন্নতি বিধান শীৰ্ষক ইস্তাহাৰ প্ৰকাশ কৰি দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে সদৰী কৰে যে শাসনলৈ অহাৰ ১০ দিনৰ ভিতৰতেই উত্তৰ প্ৰদেশৰ সকলো কৃষকৰ ঋণ পৰিশোধ কৰিব দলটিয়ে। তাৰোপৰি অৰ্ধ বিদ্যুৎ মাচুল পৰিশোধ কৰাৰ লগতে কোভিড আক্ৰান্ত পৰিয়াল সমূহলৈ…

ঘোষণা কৰা হ’ল ৰাজ্যৰ ৮০ খন পৌৰসভা নিৰ্বাচনৰ দিন

ঘোষণা কৰা হ’ল ৰাজ্যৰ ৮০ খন পৌৰসভা নিৰ্বাচনৰ দিন। ৬ মাৰ্চত হ’ব নিৰ্বাচন আৰু ৯ মাৰ্চত হ’ব নিৰ্বাচনৰ ভোট গণনা। শেহতীয়াকৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ এক সংবাদমেলত এই ঘোষণা আগবঢ়ায় ৰাজ্যিক নিৰ্বাচন আয়োগে। ● মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৫ ফেব্ৰুৱাৰী।…

ছাত্ৰ নেতা কীৰ্তিকমল বৰাই পালে অন্তৰ্ৱতীকালীন জামিন

ছাত্ৰ নেতা কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন। ১৯ ফেব্রুৱাৰীলৈকে ম্যাদ থাকিব অন্তৱৰ্তীকালীন জামিনৰ। SI প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত 130/22 নম্বৰত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ। নগাঁও জিলা বিশেষ ন্যায়াধীশৰ আদালতে গ্ৰাহ্য কৰিলে অন্তৰ্ৱতীকালীন জামিন।

পুলিচ ষ্টেটত পৰিণত হৈছে নেকি অসম ?

এখন দেশ বা ৰাজ্যত যেতিয়া চৰকাৰ বা শাসকে পুলিচ লগাই নাগৰিকৰ অধিকাৰ হনন কৰা হয় , তেতিয়া সেই ৰাজ্যখনক কোৱা হয় পুলিচ ষ্টেট বুলি ৷ কোনো নাগৰিকেই এখন পুলিচ ষ্টেটত বসবাস কৰিব নিবিচাৰে ৷ আইন – শৃংখলাৰ নামত নাগৰিকৰ অধিকাৰ…

হিমবাহত আৱদ্ধ হৈ মৃত্যু ৭ সেনা জোৱানৰ

অৰুণাচল প্ৰদেশত দেওবাৰে হোৱা হিমস্খলনত আৱদ্ধ হৈ পৰা ৭ সেনা জোৱানৰ শৱদেহ মঙলবাৰে উদ্ধাৰ কৰা হয় ৷ সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হয় যে অৰুণাচল প্ৰদেশৰ কামেঙ সীমান্তত বৰফৰ স্তুপত আবদ্ধ হৈ পৰা ৭ জন সেনা জোৱানৰে…

লাভ জিহাদেই হ’ব নেকি বিজেপিৰ মূল নিৰ্বাচনী ইছ্যু ?

ধৰ্মীয় মেৰুকৰণ আৰু সাম্প্ৰদায়িকতাই হ’ব উত্তৰ প্ৰদেশত বিজেপিৰ মূল নিৰ্বাচনী ইছ্যু ৷ মঙলবাৰে দলটোৱে মুকলি কৰা ইস্তাহাৰতো তাৰেই প্ৰতিফলন ঘটিল ৷ ‘লোক কল্যান সংকল্প পত্ৰ ‘ শীৰ্ষক ইস্তাহাৰত বিজেপিয়ে খেতিয়কক বিনামূলীয়া পানী আৰু বিজুলী যোগানৰ প্ৰতিশ্ৰুতি দিয়ে ৷ লক্ষ্ণৌত গৃহমন্ত্ৰী…

খেলা হ’বনে : অখিলেশৰ হৈ কি ক’লে মমতা বেনাৰ্জীয়ে ?

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত বিজেপিক ধৰাশায়ী কৰা তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত হৈছে উত্তৰ প্ৰদেশত ৷ সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে এখন যৌথ সংবাদমেল সম্বোধন কৰি মমতা বেনাৰ্জীয়ে কয় যে পশ্চিমবংগৰ দৰেই উত্তৰ প্ৰদেশতো বিজেপি আৰু…

কোন হ’ব সৰ্বানন্দ সোণোৱালৰ উত্তৰাধিকাৰী : কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

চৰকাৰী কাৰ্যসূচী লৈ নতুন দিল্লীত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সন্ধিয়া সাক্ষাৎ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ চৰ্চা চলিছিল যে মাজুলীৰ উপ – নিৰ্বাচন সন্দৰ্ভত দুয়োগৰাকী নেতাও আলোচনা কৰিছে ৷ কিন্তু এনে…

ত্ৰিপুৰাত ভাঙিব নেকি বিজেপি চৰকাৰ?

ত্ৰিপুৰা বিজেপিত আভ্যন্তৰীণ কন্দলে ভয়ানক ৰূপ লৈছে ৷ বিজেপিৰ দুই বিধায়ক সুদীপ ৰায় বৰ্মন আৰু আশীষ সাহাই বিধায়কৰ পদ অৰু বিজেপি দল একেলগে ত্যাগ কৰিছে ৷ তেওলোকে সম্প্ৰতি বাহৰ পাতিছে নতুন দিল্লীত ৷ চৰ্চা অনুসৰি দুয়োজন বিধায়কেই কংগ্ৰেছ দলত যোগদান…