খেলা হ’বনে : অখিলেশৰ হৈ কি ক’লে মমতা বেনাৰ্জীয়ে ?

Share This Article

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত বিজেপিক ধৰাশায়ী কৰা তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত হৈছে উত্তৰ প্ৰদেশত ৷ সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে এখন যৌথ সংবাদমেল সম্বোধন কৰি মমতা বেনাৰ্জীয়ে কয় যে পশ্চিমবংগৰ দৰেই উত্তৰ প্ৰদেশতো বিজেপি আৰু সমাজবাদী পাৰ্টীৰ মাজত মুখামুখি প্ৰতিদ্বন্দিতা হ’ব ৷ তেও কয় যে যদি যোগী আদিত্যনাথ শাসনলৈ আহে তেনেহ’লে তেও উত্তৰ প্ৰদেশক ৰাজনৈতিক আৰু সামাজিকভাৱে খাই পেলাব ৷ জাতি- বৰ্ণৰ সমীকৰণৰ উৰ্ধলৈ গৈ বিজেপিক পৰাভূত কৰিবৰ বাবেও মমতা বেনাৰ্জীয়ে আহ্বান জনায় ৷ সংবাদমেলত অখিলেশ যাদৱ আৰু মমতা বেনাৰ্জীয়ে ‘খেলা হ’বে’ শ্ল’গানো আওৰায়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.