সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

খেলা হ’বনে : অখিলেশৰ হৈ কি ক’লে মমতা বেনাৰ্জীয়ে ?

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত বিজেপিক ধৰাশায়ী কৰা তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত হৈছে উত্তৰ প্ৰদেশত ৷ সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে এখন যৌথ সংবাদমেল সম্বোধন কৰি মমতা বেনাৰ্জীয়ে কয় যে পশ্চিমবংগৰ দৰেই উত্তৰ প্ৰদেশতো বিজেপি আৰু সমাজবাদী পাৰ্টীৰ মাজত মুখামুখি প্ৰতিদ্বন্দিতা হ’ব ৷ তেও কয় যে যদি যোগী আদিত্যনাথ শাসনলৈ আহে তেনেহ’লে তেও উত্তৰ প্ৰদেশক ৰাজনৈতিক আৰু সামাজিকভাৱে খাই পেলাব ৷ জাতি- বৰ্ণৰ সমীকৰণৰ উৰ্ধলৈ গৈ বিজেপিক পৰাভূত কৰিবৰ বাবেও মমতা বেনাৰ্জীয়ে আহ্বান জনায় ৷ সংবাদমেলত অখিলেশ যাদৱ আৰু মমতা বেনাৰ্জীয়ে ‘খেলা হ’বে’ শ্ল’গানো আওৰায়।

Leave A Reply

Your email address will not be published.