শাসনলৈ অহাৰ ১০ দিনৰ ভিতৰতেই কৰিব কৃষকৰ ঋণ পৰিশোধ : প্ৰিয়ংকা গান্ধী

Share This Article

শেহতীয়াকৈ কংগ্ৰেছ দলৰ উন্নতি বিধান শীৰ্ষক ইস্তাহাৰ প্ৰকাশ কৰি দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে সদৰী কৰে যে শাসনলৈ অহাৰ ১০ দিনৰ ভিতৰতেই উত্তৰ প্ৰদেশৰ সকলো কৃষকৰ ঋণ পৰিশোধ কৰিব দলটিয়ে। তাৰোপৰি অৰ্ধ বিদ্যুৎ মাচুল পৰিশোধ কৰাৰ লগতে কোভিড আক্ৰান্ত পৰিয়াল সমূহলৈ আগবঢ়াব ২৫ হাজাৰকৈ অৰ্থ সাহায্য।
তাৰোপৰি ইস্তাহাৰৰ জৰিয়তে প্ৰতিশ্রুতি প্ৰদান কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে যিকোনো ৰোগৰ চিকিৎসাৰ বাবে ১০ লাখ পৰ্য্যন্ত ধনলৈ বিনামূলীয়া চিকিৎসা লাভ কৰিব ৰাজ্যবাসীয়ে।
দলটিয়ে ৰাজ্যখনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক স্মাৰ্টফোন প্ৰদান কৰাৰ লগতে মহাবিদ্যালয়লৈ যোৱা ছোৱালীসকলক বিজুলীচালিত স্কুটি প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে এই ইস্তাহাৰৰ জৰিয়তে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.