সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লাভ জিহাদেই হ’ব নেকি বিজেপিৰ মূল নিৰ্বাচনী ইছ্যু ?

ধৰ্মীয় মেৰুকৰণ আৰু সাম্প্ৰদায়িকতাই হ’ব উত্তৰ প্ৰদেশত বিজেপিৰ মূল নিৰ্বাচনী ইছ্যু ৷ মঙলবাৰে দলটোৱে মুকলি কৰা ইস্তাহাৰতো তাৰেই প্ৰতিফলন ঘটিল ৷ ‘লোক কল্যান সংকল্প পত্ৰ ‘ শীৰ্ষক ইস্তাহাৰত বিজেপিয়ে খেতিয়কক বিনামূলীয়া পানী আৰু বিজুলী যোগানৰ প্ৰতিশ্ৰুতি দিয়ে ৷ লক্ষ্ণৌত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মুকলি কৰা ইস্তাহাৰত বিশেষভাৱে উল্লেখ কৰা হয় লাভ জিহাদৰ প্ৰসংগ ৷ লাভ জিহাদ আইন প্ৰণয়ন কৰি এনে ঘটনাত জড়িত লোকক ১০ বছৰৰ কাৰাগাৰ আৰু ১ লাখ টকাৰ জৰিমনা বিহাৰ প্ৰতিশ্ৰুতি দিয়া হয় বিজেপিৰ ইস্তাহাৰত ৷

Leave A Reply

Your email address will not be published.