সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ঘোষণা কৰা হ’ল ৰাজ্যৰ ৮০ খন পৌৰসভা নিৰ্বাচনৰ দিন

ঘোষণা কৰা হ’ল ৰাজ্যৰ ৮০ খন পৌৰসভা নিৰ্বাচনৰ দিন। ৬ মাৰ্চত হ’ব নিৰ্বাচন আৰু ৯ মাৰ্চত হ’ব নিৰ্বাচনৰ ভোট গণনা। শেহতীয়াকৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ এক সংবাদমেলত এই ঘোষণা আগবঢ়ায় ৰাজ্যিক নিৰ্বাচন আয়োগে।
● মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৫ ফেব্ৰুৱাৰী।
● ২০ ফেব্ৰুৱাৰী মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন।
● ১৭ ফেব্ৰুৱাৰীত হ’ব মনোনয়ন পত্ৰৰ পৰীক্ষা।
● নিৰ্বাচনী প্ৰচাৰত নিষিদ্ধ ৰোড শ্ব’ আৰু ৰেলী ।
● অৱশ্যে ঘৰে ঘৰে গৈ চলাব পাৰিব নিৰ্বাচনী প্ৰচাৰ।
● মাথো ১৫ জন ব্যক্তি যাব পাৰিব নিৰ্বাচনী প্ৰচাৰত।
● আজিৰে পৰা নিৰ্বাচনী আচৰণ বিধি বলবৎ।
● পৌৰসভা নিৰ্বাচনত ব্যৱহাৰ হ’ব M2 EVM ।
● নিৰ্বাচন নহয় শিলচৰ পৌৰনিগমৰ।

Leave A Reply

Your email address will not be published.