পুলিচ ষ্টেটত পৰিণত হৈছে নেকি অসম ?

Share This Article

এখন দেশ বা ৰাজ্যত যেতিয়া চৰকাৰ বা শাসকে পুলিচ লগাই নাগৰিকৰ অধিকাৰ হনন কৰা হয় , তেতিয়া সেই ৰাজ্যখনক কোৱা হয় পুলিচ ষ্টেট বুলি ৷ কোনো নাগৰিকেই এখন পুলিচ ষ্টেটত বসবাস কৰিব নিবিচাৰে ৷ আইন – শৃংখলাৰ নামত নাগৰিকৰ অধিকাৰ হনন কৰা, নাগৰিকক ভীতিগ্ৰস্থ কৰি ৰখাটো এখন গণতান্ত্ৰিক সমাজত কেতিয়াও গ্ৰহণযোগ্য কথা নহয় ৷ কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে ড: হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত অসম এখন পুলিচ ষ্টেটত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে ৷  ২০২০ চনৰ মে’ মাহত অসমত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে ড: হিমন্ত বিশ্ব শৰ্মাই ৷ তাৰ কিছুদিন পাছতে তেও উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত ৷ তাতেই তেও ঘোষণা কৰে যে অসম আৰক্ষীক সকলো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰা হ’ব ৷ একেগৰাকী মুখ্যমন্ত্ৰীয়ে কিছুদিনৰ পাছত আৰক্ষীৰ এখন সন্মিলনত অভিযুক্তক ভৰিত গুলীওৱাৰ পৰামৰ্শও প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণা ততালিকে কাৰ্যকৰী কৰাত নামি পৰে অসম আৰক্ষী ৷ অসমৰ ইটোৰ পাছত সিটো প্ৰান্তৰ পৰা আহিবলৈ ধৰে এনকাউন্টাৰৰ বাতৰি ৷ আৰক্ষীৰ হাতত ধৰা পৰা ৩০ গৰাকীতকৈও অধিক অভিযুক্ত এই সময়ছোৱাত পুলিচৰ গুলীত আহত হয় ৷ ধাৰাবাহিক এনকাউন্টাৰৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা এটাই যুক্তি – হয় , অভিযুক্তই পলায়ন কৰিব বিচাৰিছিল , নহয় , আৰক্ষীৰ অস্ত্ৰ কাঢ়িবলৈ উদ্ধত হৈছিল ৷ এই এনকাউন্টাৰৰ ঘটনাসমূহে অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক সুকীয়া জনপ্ৰিয়তা প্ৰদান কৰে ৷ এই জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিবৰ বাবেই আৰক্ষীৰ এনকাউন্টাৰক উৎসাহিত কৰি যায় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ সৰ্বসাধাৰণ ৰাইজেও চিনেমাৰ দৰেই উপভোগ কৰি গৈছিল এনকাউন্টাৰৰ ঘটনাসমূহক ৷ সংবাদমাধ্যমেও এনকাউন্টাৰৰ ঘটনাক সমৰ্থনেই জনাই গৈছিল ৷কিন্তু যিদিনাই নগাও চহৰৰ মাজমজিয়াত ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ গাত গুলী লগিল , সিদিনাহে সন্বিত ঘূৰাই পালে অসমবাসী ৰাইজে ৷ এনে ন্যায়বহিৰ্ভূত যিকোনো কামৰ ভুক্তভোগী যে যিকোনো লোকেই হ’ব পাৰে , সেয়া অসমৰ বহু মানুহে বুজি পালে ৷ কিন্তু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নগাৱৰ ঘটনাক এক ব্যতিক্ৰম বুলি ঘোষণা কৰিয়েই নিজৰ দায়িত্ব সামৰিলে ৷ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক কীৰ্তিকমলৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হ’ল ৷ এসপ্তাহৰ ভিতৰত পৱন বৰঠাকুৰক তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হ’ল ৷ এসপ্তাহ পাৰ হৈ গ’ল কাহানিবাই ৷ কিন্তু তদন্তৰ প্ৰতিবেদনৰ নামগোন্ধ নোহোৱা হ’ল ৷ দোষী বিষয়াই শাস্তি পোৱাটো দূৰৈৰ কথা কোন দোষী তাকো প্ৰকাশ কৰা নহ’ল ৷ একেসময়তে অব্যাহত থাকিল এটাৰ পাছত আনটো এনকাউন্টাৰ৷ মুখ্যমন্ত্ৰীৰ সাহসত আৰক্ষী ইমানেই বলীয়ান হৈ উঠিল যে আৰক্ষীক কোনেও প্ৰশ্ন কৰিব নোৱাৰা হ’ল ৷ তাৰ শেহতীয়া প্ৰমানেই হৈ পৰিল চিৰাঙৰ ঘটনা ৷ চিৰাঙৰ বাসুগাৱত অসমীয়া প্ৰতিদিনৰ সাংবাদিক জয়ন্ত দেৱনাথক দুজন আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰি আহত কৰিলে ৷ তেওৰ অপৰাধ আছিল হেলমেট নিপিন্ধা দুজন আৰক্ষীক তেও প্ৰশ্ন কৰিছিল ৷ প্ৰশ্ন কৰিছিল যে আইন যদি সকলোৰে বাবে সমান , আপোনালোকৰ বাবে পৃথক নেকি ? সেয়াই অপৰাধ হ’ল সাংবাদিক জয়ন্ত দেৱনাথৰ ৷ আৰক্ষী কনিষ্টবল দুজনে অশ্লীল গালি গালাজ জৰি নিৰ্মমভাৱে প্ৰহাৰ কৰিলে সাংবাদিক জয়ন্ত দেৱনাথক ৷ আজি কীৰ্তিকমল বৰা , জয়ন্ত দেৱনাথ , কাইলৈ হয়তো যিকোনো কাৰণত আপোনাকো আৰক্ষীয়ে প্ৰহাৰ কৰিব পাৰে ৷ কাৰণ , আৰক্ষীক সেই ক্ষমতা প্ৰদান কৰা হৈছে ৷ আৰক্ষীয়ে এনকাউন্টাৰ কৰিব পাৰে , আৰক্ষীয়ে যাকে তাকে লাঠীচালনা কৰিব পাৰে , প্ৰতিক্ৰিয়াৰ পৰিণতি খুব বেছি হ’ব ৰিজাৰ্ভ ক্ল’জ ৷ এইদৰেই অসম এতিয়া আগবাঢ়িছে এখন পুলিচ ৰাজ্যত পৰিণত হোৱাৰ দিশে ৷ আৰক্ষীক দিয়া হৈছে অবাধ স্বাধীনতা ৷ ন্যায় সুদূৰ পৰাহত ৷ আৰক্ষীয়েই এতিয়া বিচাৰকৰ্তা ৷ এনেদৰেই পুলিচ ষ্টেটত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে অসম ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.